অসম

assam

ETV Bharat / state

গোলাঘাটত সেউজী সপ্তাহ উদযাপন

20 হাজাৰ গছপুলি ৰোপণৰ লক্ষ্যৰে গোলাঘাটত পালন 39 সংখ্যক সেউজী সপ্তাহ ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতবৰ্ষত একোজন মানুহৰ বিপৰীতে মাত্ৰ ২৮ জোপা গছহে আছে বুলি উল্লেখ কৰে জিলা উপায়ুক্ত ধীৰেন হাজৰিকাই ৷

By

Published : May 13, 2019, 1:54 PM IST

Updated : May 13, 2019, 2:19 PM IST

গোলাঘাটত উদযাপন ‘‘39 সংখ্যক সেউজী সপ্তাহ’’

গোলাঘাট, 13 মে’:এটা সপ্তাহত গোলাঘাট জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত 20 হাজাৰ গছপুলি ৰোপণৰ লক্ষ্যৰে গোলাঘাটত সোমবাৰে পালন কৰা হয় 39 সংখ্যক সেউজী সপ্তাহ । গোলাঘাট বন সংমণ্ডল আৰু সামাজিক বনানীকৰণৰ সৌজন্যত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত এই সেউজী সপ্তাহৰ আয়োজন কৰা হয় ৷

গোলাঘাটত উদযাপন ‘‘39 সংখ্যক সেউজী সপ্তাহ’’

গোলাঘাটৰ ৰাজহুৱা সমন্বয় ক্ষেত্ৰত গোলাঘাটৰ জিলা উপায়ুক্ত ধীৰেন হাজৰিকা, গোলাঘাট জিলা বনাঞ্চলিক বিষয়া ভাস্কৰ ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰে গছপুলি ৰোপণেৰে সেউজী সপ্তাহৰ শুভাৰম্ভ কৰে । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বহু মূল্যবান গছৰ পুলি বিতৰণ কৰে উপায়ুক্ত আৰু বন বিভাগৰ বিষয়া সকলে । জিলা উপায়ুক্ত ধীৰেন হাজৰিকাই গছ পুলি ৰোপন কৰি কয় যে গছপুলি ৰোপন কৰিলেই নহ’ব, তাৰ সঠিক প্ৰতিপালন লাগিব । লগতে অন্যন্য দেশৰ তুলনাত ভাৰতবৰ্ষত একোজন মানুহৰ বিপৰীতে মাত্ৰ ২৮ জোপা গছহে আছে বুলি উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে কয় যে এই সমিক্ষা অনুসৰি আমি লক্ষ্য লক্ষ্য গছপুলি ৰোপণ কৰিব লাগিব ।

Last Updated : May 13, 2019, 2:19 PM IST

ABOUT THE AUTHOR

...view details