অসম

assam

ETV Bharat / state

বনভোজ খাবলৈ যোৱা যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত, শিশুসহ 12জনৰ মৃত্যু - বাছ দুৰ্ঘটনাগ্ৰস্ত

Tragic road mishap: বনভোজ খাবলৈ যোৱাই হ'ল কাল ৷ দেৰগাঁৱৰ বালিজানত দুৰ্ঘটনাত পতিত বনভোজকাৰী বৃহৎ দলৰ ৷ এই দুৰ্ঘটনাত বৰ্তমানলৈ শিশুসহ 12 জন লোকৰ মৃত্যু ৷

Etv Bharattragic road mishap in Golaghat
বনভোজ খাবলৈ যোৱা যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত, শিশুসহ কেইবাজনৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 7:48 AM IST

Updated : Jan 3, 2024, 2:21 PM IST

বনভোজ খাবলৈ যোৱা যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত

গোলাঘাট, 3 জানুৱাৰী : গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত বুধবাৰৰ পুৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ পুৱতি নিশা গোলাঘাট বচাগাঁৱৰ পৰা এদল লোকে বনভোজ খাবলৈ তিনিচুকীয়া অভিমুখে AS 02 AC 5083 নম্বৰৰ বাছেৰে গৈ আছিল ৷ তাৰ পিচতে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বাহনখন ৷ ফলত ঘটনাস্থলীতে শিশুসহ দহজন লোক নিহত হয় ।

ইফালে চিকিৎসালত আন দুজন লোকৰ মৃত্যু হয় ৷ আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত 27 জনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়ে ।

জানিব পৰা মতে, গোলাঘাট আঠখেলীয়া ভৰলুৱাৰ পৰা তিনিচুকীয়া টিলিঙা মন্দিৰলৈ বনভোজ খাবলৈ আহিছিল প্ৰায় 45 জনীয়া দলটো । মাৰ্ঘেৰিটাৰ পৰা আহি থকা AS 01 PC 0648 নম্বৰৰ এখন ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় AS 02 AC 5383 নম্বৰ যাত্ৰীবাহী বাছখনৰ । ঘটনাস্থলীত মৃত্যু হোৱা কেইজনৰ মৃতদেহ সম্প্ৰতি দেৰগাঁৱৰ ৩০খন বিছনাযুক্ত সামূহিক চিকিৎসালয়ত ৰখা হৈছে ৷

নিহত কেইজন ক্ৰমে অনিমা শইকীয়া (60) শুভংকৰ শইকীয়া (13), নিহাৰিকা বৰা (10), দীপালী শইকীয়া (37), নৱজিত শইকীয়া (40), পিংকী শইকীয়া (48), ৰিংকী বৰা (18), প্ৰিঞ্চিপ্ৰিয়া বৰা (7), নিত্যানন্দ বৰা (40), মৃদুল বৰা(45) আৰু ট্ৰাক চালক নুৰ আলম হক বুলি জানিব পৰা গৈছে । ইয়াৰে পিতৃ আৰু কন্যা প্ৰিঞ্চিপ্ৰিয়া বৰা(7) আৰু নিত্যানন্দ বৰা(40) ই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক আকোঁৱালি লৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷

ইফালে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ তেওঁ দুৰ্ঘটনাত নিহত লোকৰ আত্মীয়লৈ 2 লাখ টকা আৰু আহতৰ লোকৰ বাবে 50 হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহাৰ্য ঘোষণা কৰে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি প্ৰশাসনৰ তৰফৰ পৰা সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:নৱবৰ্ষৰ পুৱাই শোকাৱহ দুৰ্ঘটনা, ৬ গৰাকী যাত্ৰী নিহত

Last Updated : Jan 3, 2024, 2:21 PM IST

ABOUT THE AUTHOR

...view details