গোলাঘাট , 22 নৱেম্বৰ :গোলাঘাট(Golaghat)ৰ ঢেকিয়াল(Dhekiyal)ত দেওবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাই প্ৰাণ ল'লে দুজনকৈ লোকৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি জাঁজীৰ কইনা ঘৰৰ পৰা ওভতি অহাৰ পথত পুৱতি নিশা AS-01-E-A9060 নম্বৰৰ বিবাহ যাত্ৰীৰ এখন ইন'ভা গাড়ীয়ে পথৰ কাষৰ এজোপা গছত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই শোকাৱহ দুঘটনাটো ৷
দূৰ্ঘটনাটো(Golaghat Road Accident)ত গুৰুতৰভাৱে আহত হয় অভিজিত সাহা, মুনিন্দ্ৰ দাস আৰু দিগন্ত বৰুৱা নামৰ তিনিজনকৈ লোক ৷ আহত লোক কেইজনক উন্নত চিকিৎসাৰ বাবে বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷