অসম

assam

ETV Bharat / state

নুমলীগড়ত প্ৰকৃতিৰ অনুপম উপহাৰ - আকৰ্ষণৰ কেন্দ্ৰবিন্দু দুই ভেলৌ গছ

গোলাঘাটৰ নুমলীগড়ৰ দুজোপা বিশাল গছে আকৰ্ষিত কৰিছে বহু পথচাৰীক ৷ বহু পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে দুজোপা বিশেষ গছ ৷

নুমলীগড়ত প্ৰকৃতিৰ অনুপম উপহাৰ
নুমলীগড়ত প্ৰকৃতিৰ অনুপম উপহাৰ

By

Published : Feb 3, 2020, 8:26 PM IST

Updated : Feb 4, 2020, 12:05 AM IST

গোলাঘাট, 3 ফেব্ৰুৱাৰীঃ গোলাঘাটৰ নুমলীগড়ৰ দুজোপা বিশাল গছে এতিয়া আকৰ্ষিত কৰিছে বহু পথচাৰীক ৷ এক দীৰ্ঘদিনীয়া ইতিহাস বহন কৰি আহিছে দুই ভেলৌ গছে । কাৰণ দশক-দশক ধৰি এই গছ দুজোপাতেই বাহ লৈছে অসংখ্য মৌ মাখিয়ে ।

39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে এই ভেলৌ গছ দুজোপা । দেওপাহাৰত অৱস্থিত এই গছ দুজোপাত ওলমি থকা শ-শ মৌ বাহে মনোমোহা কৰি তুলিছে সমগ্ৰ পৰিৱেশ । প্ৰায় 80 বছৰীয়া গছ দুজোপাত থকা মৌ মাখিৰ গুণ গুণনিয়ে সুশোভিত কৰি ৰাখে সমগ্ৰ দেওপাহাৰ ।

ভেলৌ গছত থুপে-থুপে মৌ বাহ

ইপিনে মৌপিয়া চৰাইয়ে মৌ পান কৰিবলৈ মৌচাক সমূহত সঘনাই আক্ৰমণ কৰাৰ ফলত মৌচাক সমূহ তলত পৰি ৰয় । ফলত বহু পথচাৰীৰ মাজত মৌচাকৰ সোৱাদ ল'বলৈ হেতা-ওপৰা লাগে ৷

বহু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু দুজোপা বিশেষ গছ

শাওন মাহৰ পৰাই মৌ মাখিয়ে ফুলৰ ৰস সঞ্চয় কৰি সাজি উলিয়াই মৌ-চাক । শাওন মাহৰ পৰা ফাগুনলৈকে ভেলৌ গছ দুজোপাত শ-শ মৌ মাখিয়ে বাহ সাজি সুশোভিত কৰি ৰাখে পৰিৱেশ । দশক দশক ধৰি এইদৰে ইতিহাস বহন কৰি আহিছে এই ভেলৌ গছ দুজোপাই ।

Last Updated : Feb 4, 2020, 12:05 AM IST

ABOUT THE AUTHOR

...view details