সৰুপথাৰ,8 আগষ্টঃএগৰাকী 14 বছৰীয়া সাহসী কিশোৰী ৷ পিতৃ-মাতৃ অবিহনে জীৱন যুদ্ধত আগবাঢ়িছে কিশোৰীগৰাকী ৷ সাহসী কিশোৰীগৰাকীয়ে পৰিয়াল পোহপাল দি আহিছে অকলেই ৷ কিশোৰী গৰাকীৰ নাম ৰূপালী কিস্কু ৷ ৰূপালীৰ ঘৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ ২ নং প্ৰেমহৰা মাঝি গাঁৱত ৷ ৰূপালীৰ ধৈৰ্য, সাহস আৰু দায়িত্ববোধে অন্তৰ চুই যাব আপোনাৰো ৷
পিতৃৰ বিয়োগৰ পিছত মাতৃয়েও সন্তানক এৰি আঁতৰি যায় অন্য ঠাইলৈ ৷ কিন্তু সাহসী ৰূপালীয়ে ঘৰৰ ডাঙৰ জীয়ৰী হিচাপে কান্ধ পাতি লয় ঘৰখনৰ সমস্ত দায়িত্ব ৷ নিজৰ পঢ়া নৱম শ্ৰেণীতে সামৰি ৰূপালীয়ে দিন হাজিৰা কৰি পঢ়াই আছে নিজৰ দুই ভায়েক- ভনীয়েকক ৷