আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত অসম আৰু কেৰালাৰ মুখ্যমন্ত্ৰী
আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাৰ শীৰ্ষত আছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sharma tops list of most popular CM)। আইএএনএছ-চি ভোটাৰৰ এক সমীক্ষাত দেখা গৈছে এই তথ্য ৷ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে জনপ্ৰিয়ৰ তালিকাত আছে কেৰালা আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰীও । সমীক্ষাটোত ৪৩ শতাংশতকৈও অধিক লোকে কৈছে যে তেওঁলোক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰদৰ্শনত যথেষ্ট সন্তুষ্ট ।
কাঁ চলচ্চিত্ৰ মহোৎসৱ: ৰেড কাৰ্পেটত জিলিকিল সংযুক্তাৰ পাটৰ সাজ
তিনিটা বছৰৰ বিৰতিৰ পিছত অসমৰ পাটশিল্পই আকৌ এবাৰ চমক দিলে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত । নিজৰ সৃষ্টিকৰ্মৰে ইতিমধ্যে বিশ্বৰ ফেশ্বন ডিজাইনাৰ সকলৰ মাজত নিজৰ বাবে এক স্থান উলিয়াই লবলৈ সক্ষম হোৱা অসমৰ সংযুক্তা দত্তই ডিজাইন (Fashion designer Sanjukta Dutta) কৰা পাটৰ কাপোৰৰ এযোৰ ৰঙা পোচাক পিন্ধি কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ব্ৰিটেইনৰ জনপ্ৰিয় আবেদনময়ী মডেল ইনগ্ৰিডা ইলগিনে (Super model Ingrida Ilgine) ।
ভূমিস্খলনৰ আশংকাই নিন্দ্ৰা হৰণ কৰিছে গুৱাহাটীৰ পাহাৰবাসীৰ
গুৱাহাটী মহানগৰীত এফালে কৃত্ৰিম বানৰ বিভীষিকা আৰু আনফালে ভূমিস্খলনৰ আতংক (Landslide in Guwahati) । যিকোনো মুহূৰ্তত পাহাৰীয়া অঞ্চলত অঘটন ঘটাৰ আশংকা । গুৱাহাটীৰ ১৭খন পাহাৰত প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত উদ্বেগজনকভাৱে সংঘটিত হৈ আহিছে ভূমিস্খলন । গুৱাহাটীৰ ৩৬৬ টা অঞ্চল ভূমিস্খলন প্ৰৱণ এলেকা ৰূপে চিনাক্ত ।
গোলাঘাট আৰক্ষীৰ লক-আপতে ঢলি পৰিল অভিযুক্ত
গোলাঘাটৰ আঠখেলীয়া বেবেজীয়াত শুকুৰবাৰে নিশা সংঘটিত হত্যাকাণ্ডৰ অভিযুক্ত ঢলি পৰিল লক-আপৰ ভিতৰত (Accused fall down at police custody in Golaghat)৷ গোলাঘাট আৰক্ষী থানাৰ লকআপৰত থকাৰ অৱস্থাতে হঠাৎ অসুস্থ হৈ ঢলি পৰিল হত্যাৰ অভিযোগত অভিযুক্ত নাজিদুৰ ৰহমান ৷ শনিবাৰে আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে আৰক্ষীৰ জিম্মাত অভিযুক্ত নাজিদুৰ ৰহমান ঢলি পৰি কপাল আৰু শৰীৰৰ বিভিন্ন অংশত আঘাতপ্ৰাপ্ত হয় ৷
বানত মৃত্যু হোৱা লোকৰ সংখ্যা 14লৈ বৃদ্ধি: আঠ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত
বছৰৰ প্ৰথমটোত বানে লৈছে এক ভয়াবহ ৰূপ (Flood in Assam) ৷ প্ৰতিদিনাই ৰাজ্যৰ ন ন অঞ্চল প্লাবিত হোৱাৰ তথ্য লাভ কৰা হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি, ৰাজ্যৰ ২৯ খন জিলাৰ আঠ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ইতিমধ্যে মৃত্যু মুখত পৰিছে 14 জন লোক ৷