ডিব্ৰুগড়ত ক'ভিড আৰু বান ব্যৱস্থাপনাৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাচতে দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বান ব্যৱস্থাপনাৰ বুজ ল'বলৈ উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ৷
শিৱসাগৰত আৰম্ভ ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান
শিৱসাগৰ জিলাতো প্ৰশাসনৰ উদ্যোগত 21 জুনৰ পৰা 18 বছৰ ঊৰ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড-19 প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ সম্পূৰ্ণ ক'ভিড-19 প্ৰট'কল মানি চলি ১৮ বয়সৰ উৰ্ধৰ ব্যক্তি সকলক প্ৰতিষেধক প্ৰদান কৰা হ'ব। তেওঁ উল্লেখ কৰে যে, এই অভিযানৰ প্ৰথম দিনা জিলাখনৰ মুঠ 40 টা কেন্দ্ৰত মুঠ 8,000 পালি ক'ভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হ'ব।
পৰীক্ষা বাতিলক লৈ কি ক'লে মাজুলীৰ শিক্ষাৰ্থীয়ে ?
হায়াৰ ছেকেণ্ডাৰী (HS) আৰু মেট্ৰিক (HSLC) পৰীক্ষা বাতিলৰ ঘোষণা কৰাৰ লগে লগে অন্ত পৰিল দীৰ্ঘদিনে পৰীক্ষাক লৈ সৃষ্টি হৈ থকা কৌতুহলৰ ৷ পৰীক্ষা বাতিল কৰাৰ লগে লগে বিভিন্ন জনে বিভিন্ন মত প্ৰকাশ কৰিছে ৷ একাংশ অভিভাৱক তথা শিক্ষাৰ্থীৰ মতে, পৰীক্ষা অনুষ্ঠিত কৰিব লাগিছিল আন একাংশৰ মতে, পৰীক্ষা অনুষ্ঠিত নোহোৱাই ভাল হৈছে ৷ তাৰ মাজতে চৰকাৰে গ্ৰহণ কৰা পৰীক্ষা নীতিকলৈও একাংশ শিক্ষাৰ্থী দোমোজাত পৰিছে ৷ শিক্ষাৰ্থী সকলৰ প্ৰশ্ন, মূল্যাংকনৰ জৰিয়তে তেওঁলোকে ভবা ধৰণে ফলাফল লাভ কৰিব নে ? তেওঁলোকে ভবা মতে এখন ভাল কলেজত নাম ভৰ্তি কৰিব পাৰিবনে ? কি হ'ব অসমৰ লাখ লাখ পৰীক্ষাৰ্থীৰ ভৱিষ্যত ?
অতি শীঘ্ৰে ৰূপায়ণ হ’ব BTR চুক্তিৰ 9 নং দফা
বিটিআৰ চুক্তিৰ ৯ নং দফা অনুসৰি প্ৰাক্তন এনডিএফবি সকলৰ পুনৰ সংস্থাপনৰ দিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ সেই অনুসৰি প্ৰাক নিযুক্তি প্ৰশিক্ষণৰ যোগেদি প্ৰাক্তন এনডিএফবি সকলক সামৰিক আৰু অৰ্ধসামৰিক বাহিনীত নিযুক্তি দিয়া হ’ব । যি সকলৰ নিযুক্তিৰ বয়স ইতিমধ্যে উকলি গৈছে তথা প্ৰাক নিযুক্তি প্ৰশিক্ষণৰ যোগেদিও যিসকলে যোগ্যতা অৰ্জন কৰিব নোৱাৰে তেওঁলোকক দক্ষতা বিকাশ প্ৰশিক্ষণৰ জৰিয়তে স্বাৱলম্বী কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ৷
নিৰ্বাপিত হোৱা নাই কমলপুৰৰ বিধ্বংসী অগ্নিকাণ্ড
এতিয়াও নিৰ্বাপিত হোৱা নাই কামৰূপ জিলাৰ কমলপুৰৰ আল্টাৰ প্লাষ্টিক কোম্পানীৰ ভয়াৱহ অগ্নিকাণ্ড ৷ অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় দহখনকৈ বাহনে ওৰেটো নিশা জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰখাৰ পাচতো জুইৰ লেলিহান শিখাই আৱৰি ৰাখে উদ্যোগটোৰ চৌপাশ ৷