আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী
2020 চনৰ আজিৰ দিনটোতে ইহ সংসাৰৰ পৰা মেলানি মাগিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ আজি তেখেতৰ প্ৰথম মৃত্যু বাৰ্ষিকী ৷
Srimanta Sankaradeva University of Health Sciences: ধ্ৰুৱজ্যোতি বৰাক উপাচাৰ্য নিযুক্তি
ৰাজ্য চৰকাৰে ডাঃ ধ্ৰুৱজ্যোতি বৰাক শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্যবিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিছে । ড৹ বৰাই বিশ্ববিদ্যালয়খন নতুন ধৰণে শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ বাবে ইতিমধ্যে পৰিকল্পনা গ্ৰহণ কৰিছে ৷
Tripura Violence : জামিন লাভ কৰিলে চায়নি ঘোষে
ত্ৰিপুৰা আৰক্ষীয়ে দেওবাৰে আটক কৰা তৃণমূল কংগ্ৰেছৰ যুৱ মৰ্চাৰ সভাপতি চায়নি ঘোষক জামিন প্ৰদান ৷ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন প্ৰদান কৰে তৃণমূল নেত্ৰী গৰাকীক ৷
Congress Mega Rally : কৃষকৰ সমস্যা-মূল্যবৃদ্ধিক লৈ পুনৰ কংগ্ৰেছৰ সমদল
কৃষি আইন বাতিলৰ ঘোষণা কৰাৰ পাছতো সন্তুষ্ট হোৱা নাই বিৰোধী কংগ্ৰেছ দল । কংগ্ৰেছৰ প্ৰতিবাদত পুনৰ উত্তাল হ'ব দেশৰ ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ । কৃষকৰ সমস্যাৰ লগতে মূল্যবৃদ্ধি বিষয়টোও স্থান পাব কংগ্ৰেছৰ প্ৰতিবাদী সমদলত ।
মহাকৰ্ষণীয় ক্ষেত্ৰত ইলেক্ট্ৰ’ন, প্ৰট’ন, নিউট্ৰ’ন আৰু নিউট্ৰিন’ৰ পৰ্যায় পৰিৱৰ্তন
ভাৰতীয় দুই গৱেষকৰ এক সমীক্ষাত পোহৰলৈ আহিছে যে, লেকট্ৰ’ন, প্ৰট’ন, নিউট্ৰ’ন, নিউট্ৰিন’ আদি কণাসমূহৰ (Particles) কিছুমান সালসলনি কেৱল চুম্বকীয় ক্ষেত্ৰৰ সলনি হোৱাৰ ফলতেই নহয়, ই মধ্যাকৰ্ষণ ক্ষেত্ৰৰ উপস্থিতিৰ ফলতো হ’ব পাৰে ৷ গৱেষক দ্বয়ৰ এই উদ্ভাৱনে কোৱাণ্টাম পৰিঘটনাৰ (quantum Phenomena)ক আৰু অধিক ভালদৰে বুজাত সহায়ক হ’ব ৷