অসম

assam

ETV Bharat / state

ঢেকীয়াপতীয়াক গুলীয়াই নিলম্বিত বনকৰ্মী - National tiger scheme

এটা ঢেকীয়াপতীয়াক গুলীওৱাৰ বাবে নিলম্বন কৰা হ’ল এগৰাকী বনকৰ্মীক ৷ বাঘটো জনবহুল অঞ্চলত প্ৰৱেশ কৰাৰ বাবে গুলীয়াইছিল নিৰাপত্তাৰক্ষী গৰাকীয়ে ৷ কিন্তু চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ল নিৰাপত্তাৰক্ষী গৰাকীক ৷ চাওক ক’ত ঘটিল এই ঘটনা-

Tiger killing in Kaziranga: Forest guard suspended for accidental firing
কাজিৰঙাত নিৰাপত্তাৰক্ষীৰ গুলিত নিহত ৰয়েল বেংগল টাইগাৰ

By

Published : Jun 29, 2021, 1:40 PM IST

Updated : Jul 2, 2021, 8:01 PM IST

নিউজ ডেস্ক, 29 জুন :খোদ নিৰাপত্তাৰক্ষীৰ দ্বাৰা বন্যপ্ৰাণী হত্যা ৷ বন্যপ্ৰাণী হত্যাৰ অপৰাধত নিলম্বন নিৰাপত্তাৰক্ষী ৷ ঘটনাৰ বিৱৰণী অনুসৰি, কৰ্মৰত অৱস্থাত থকা নিৰাপত্তাৰক্ষী গৰাকীয়ে কৰা গুলীচালনাত নিহত হয় এটি দহ বছৰীয়া ঢেকীয়াপতীয়া ৷ অসমৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত সংঘটিত হৈছে এই ঘটনা ৷

উদ্যান (Kaziranga National Park) কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, বিগত 18 জুনত ৰাষ্ট্ৰীয় উদ্যানখনৰ জাপৰি পথাৰৰ ওচৰত এটা মৃত বাঘৰ মৃতদেহ পোৱা গৈছিল । কৰ্মৰত বনকৰ্মীয়ে বাঘটোক ভয় খুৱাবলৈ গুলীচালনা কৰিছিল ৷ ঘটনা সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

সঞ্চালকগৰাকীয়ে কয় যে, ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে ৷ নিৰাপত্তাৰক্ষী গৰাকীয়ে চলোৱা গুলীত বাঘটোৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে ৷ কিন্তু ঢেকীয়াপতীয়া বাঘটো জনহুল অঞ্চলৰ সমীপত দেখা বাবেহে একমাত্ৰ ভয় খুৱাবলৈ গুলীচালনা কৰা বুলি নিৰাপত্তাৰক্ষী গৰাকীয়ে সদৰী কৰিছে ৷

আনহাতে, বাঘটোৰ মৃত্যুৰ এদিন পূৰ্বে নিশা উদ্যানৰ কাষৰ গাঁৱখনৰ পৰা এটা পশুধন চিকাৰ কৰাৰ কথা পোহৰলৈ আহিছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) ত চলিত মাহত মৃত্যু হোৱা বাঘৰ ঘটনা এইটো দ্বিতীয় ৷ ইয়াৰ পূৰ্বে 5 জুনত উদ্যান কৰ্তৃপক্ষই এজনী মাইকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰিছিল ৷ মৃত বাঘটোত অন্য বাঘে আক্ৰমণ কৰাৰ বাবে মৃত্যু ঘটাৰ আশংকা কৰা হৈছে ৷

বাঘটোৰ মৃত্যুৰ এদিন পূৰ্বে নিশা উদ্যানৰ কাষৰ গাঁৱখনৰ পৰা এটা পশুধন চিকাৰ কৰাৰ কথা পোহৰলৈ আহিছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) ত চলিত মাহত মৃত্যু হোৱা বাঘৰ ঘটনা এইটো দ্বিতীয় ৷ ইয়াৰ পূৰ্বে 5 জুনত উদ্যান কৰ্তৃপক্ষই এজনী মাইকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰিছিল ৷ মৃত বাঘটোত অন্য বাঘে আক্ৰমণ কৰাৰ বাবে মৃত্যু ঘটাৰ আশংকা কৰা হৈছে ৷

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) ক 2007 চনত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰকল্প (National tiger scheme) হিচাপে ঘোষণা কৰা হৈছিল ৷ তাৰ পিছৰে পৰা ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সুৰক্ষাৰ অধীনত অন্তৰ্ভূক্ত কৰা হয় ৷ ৰাষ্ট্ৰীয় উদ্যানখনত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰকল্প (National tiger scheme)ৰ অধীনষ্ঠ 2018 চনৰ ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়া (wild Life Institute of India)ৰ সমীক্ষা মতে 104 টা বাঘ আছে ৷

কাজিৰঙা-নগাঁও-ওৰাং-নামেৰি-পাকে ব্ল’কৰ লেণ্ডস্কেপে এই বিষয়ত এক তথ্য প্ৰকাশ কৰিছে ৷ সেই মতে, 160 টা সাম্ভাব্য ঢেকীয়াপতীয়া বাঘ থকাৰ তথ্য পোৱা গৈছে । যিহেতু বাঘ কোনো এটা নিৰ্দিষ্ট স্থানত অৱস্থান নকৰে, সেইবাবে এইকেইখন টাইগাৰ ৰিজাৰ্ভক লেণ্ডস্কেপ (Tiger Reserves Landscapes)ৰ তথ্য বুলি কোৱা হয় ।

লগতে পঢ়ক :কলগাছিয়াৰ বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা ৰাইজৰ

Last Updated : Jul 2, 2021, 8:01 PM IST

ABOUT THE AUTHOR

...view details