গোলাঘাট, 21 মে‘ : গোলাঘাটৰ 2 নং কোৱানীত বুধবাৰে সংঘটিত হয় বাঘৰ আক্ৰমণৰ ঘটনা ৷ 2 নং কোৱানীৰ হৰি বৰা নামৰ এজন লোকে বুধবাৰে বিয়লি গৰু আনিবলৈ যাওঁতে নাহৰফুটুকী বাঘৰ আক্ৰমণৰ বলি হৈ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ৷ বাঘৰ আক্ৰমণত মূৰত আৰু হাতত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় লোকজন ৷ আহত হৰি বৰাক তথাতৈয়াকৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
গোলাঘাটত বাঘৰ আক্ৰমণত আহত এজন - বনবিভাগক খবৰ দিয়াৰ পাছতো
গোলাঘাটৰ 2 নং কোৱানী অঞ্চলত বহুদিন ধৰি বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । অঞ্চলটোৰ ৰাইজৰ গৰু, ছাগলী, গাহৰি আদি ভক্ষণ কৰি আহিছে বাঘে ।
গোলাঘাটৰ 2 নং কোৱানীত বাঘৰ সন্ত্ৰাস
উল্লেখ যে, উক্ত অঞ্চলটোত বহুদিন ধৰি বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । অঞ্চলটোৰ ৰাইজৰ গৰু, ছাগলী, গাহৰি আদি ভক্ষণ কৰি আহিছে বাঘে । অঞ্চলটোৰ ৰাইজে এই সন্দৰ্ভত বনবিভাগক খবৰ দিয়াৰ পাছতো বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
লগতে পঢ়ক : আম্ফানঃ পশ্চিমবংগত চাৰিওফালে কেৱল মাত্ৰ জাৱৰৰ দম