অসম

assam

ETV Bharat / state

Municipal Election in Bokakhat: অকলেই অৱতীৰ্ণ হ’ব মিত্ৰযোঁটে বঞ্চিত কৰা টিকট প্ৰত্যাশী - Ticket aspirants are all set to contest independently

মিত্ৰদলত থাকিও বোকাখাতৰ পৌৰসভা নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সাজু হৈছে টিকটপ্ৰত্যাশী (Municipal Elections in Bokakhat) ৷ দলীয় নেতৃত্বত ওচৰত মোহভংগ হৈছে তৃণমূল কৰ্মী ৷ ইয়াৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বিজেপিৰ নেতা ৷ অকলে নিৰ্বাচন খেলাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ হুংকাৰ ৷

Municipal Election in Bokakhat
অকলেই অৱতীৰ্ণ হ’ব মিত্ৰযোঁটে বঞ্চিত কৰা টিকট প্ৰত্যাশী

By

Published : Feb 15, 2022, 10:41 PM IST

বোকাখাত, 15 ফেব্ৰুৱাৰী: বোকাখাত মহকুমাধিপতি কায্যালয়ত পৌৰসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সময়তে স্বৰূপ ওলাল অগপ-বিজেপি সম্পৰ্কৰ (Conflict in AGP-BJP) । মিত্ৰজোঁটৰ টিকট নাপাই অকলেই নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’বলৈ ওলাই আহিল দলীয় কৰ্মী ৷

বোকাখাতৰ ১০ টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত অগপ, বিজেপি মিত্ৰজোটৰ অগপৰ ৬ জন আৰু বিজেপি দলৰ ৪ জন, কংগ্ৰেছ দলৰ সমৰ্থিত ১০ জন, অসম জাতীয় পৰিষদৰ ৪ জনে মনোনয়ন পত্ৰ দাখিল কৰে । কিন্তু বোকাখাতৰ ১০ খন আসনৰ বাবে আশ্চৰ্যজনকভাৱে ৭ জন নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে । এই নিৰ্দলীয় প্ৰাৰ্থীসকলৰ বেছি সংখ্যকেই অগপ, বিজেপি আৰু গনশক্তিৰ কৰ্মী ।

অকলেই অৱতীৰ্ণ হ’ব মিত্ৰযোঁটে বঞ্চিত কৰা টিকট প্ৰত্যাশী

২ নং ৱাৰ্ডৰ বিজেপি দলৰ টিকতৰ দাবীদাৰ সেউতি কলিতা ফুকনে বিজেপিৰ পৰা টিকত নাপাই বিজেপি দল ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে । একেদৰে ৮ নং ৱাৰ্ডৰ অগপ দলৰ টিকট প্ৰত্যাশী ৰূপালী শইকীয়াই অগপ দল ত্যাগ কৰি নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিছে । একেদৰে টিকট নাপাই বিজেপি বোকাখাত মণ্ডলৰ অনুসূচীত জাতি মৰ্চাৰ সভাপতি পদৰ পৰা অব্যাহতি প্ৰদীপ কুমাৰ বৰাৰ ৷ কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ ৱাৰ্ড ৯ নম্বৰ পৰা বিজেপিৰ টিকট প্ৰত্যাসী আছিল প্ৰদীপ কুমাৰ বৰা ৷ কিন্তু মিত্ৰতাৰ সুত্ৰে ৱাৰ্ডটো অগপই লাভ কৰে ৷ যাৰ বাবে ৯ নং ৱাৰ্ডৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদণ্ডিতা আগবঢ়াব প্ৰদীপ কুমাৰ বৰাই ৷

আনহাতে মিত্ৰজোটত থকাৰ পিছতো গুৰুত্বহীন হোৱাৰ অভিযোগ আনিছে গণ শক্তিয়ে । যাৰ ফলত বোকাখাতৰ পৌৰসভাৰ নিৰ্বাচনত নিৰ্দলীয় হৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে গনশক্তিয়ে । ইফালে দলীয় অনুশাসন ভংগ কৰাসকলৰ ওপৰত কেন্দ্ৰীয় নেতৃত্বই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিজেপি নেতৃত্বই জানিবলৈ দিয়ে ।

লগতে পঢ়ক:Majuli assembly by-election: ৰাজীৱ লোচন পেগুলৈ দুখ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ

ABOUT THE AUTHOR

...view details