অসম

assam

ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত ৰাজ্যৰ তিনি মন্ত্ৰী - কাজিৰঙাত হিমন্ত বিশ্ব শৰ্মা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা, নিৰাপত্তা, বানপানী আদি বিষয় সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচতে প্ৰথমবাৰৰ বাবে কাজিৰঙাত উপস্থিত হ'ল ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কৃষিমন্ত্ৰী অতুল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত তথা পৰ্যটন মন্ত্ৰী বিমল বৰাক লগত লৈ কাজিৰঙাৰ শিলডুবিত অৱস্থিত বিলাসী পৰ্যটন নিবাস "বৰগছত" এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হ'ল ৰাজ্যৰ তিনিমন্ত্ৰী
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হ'ল ৰাজ্যৰ তিনিমন্ত্ৰী

By

Published : May 27, 2021, 4:42 PM IST

গোলাঘাট,27মে':ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচতে প্ৰথমবাৰৰ বাবে কাজিৰঙাত উপস্থিত হ'ল ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকী কৃষিমন্ত্ৰী অতুল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত তথা পৰ্যটন মন্ত্ৰী বিমল বৰাৰ সৈতে কাজিৰঙাৰ শিলডুবিত অৱস্থিত বিলাসী পৰ্যটন নিবাস "বৰগছত" উপস্থিত হৈ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা, নিৰাপত্তা, বানপানী আদি বিষয়ৰ ওপৰত আৰক্ষী অধীক্ষক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বিভাগীয় মুৰব্বী বিষয়াসকলৰ লগত বৈঠকত মিলিত হৈ কি দৰে বান পৰিস্থিতি ৰোধ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰাৰ লগতে চোৰাং চিকাৰী সন্দৰ্ভতো কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই বিষয়ে কেতবোৰ গুৰুত্ব সিদ্ধান্ত গ্ৰহণ কৰে ৷

উল্লেখ্য যে, বৈঠকত মুখ্যমন্ত্ৰী, কৃষিমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক, বন বিভাগৰ উচ্চ পদস্থ বিষয়া, গোলাঘাট, কাৰ্বি আংলং, নগাঁও, বিশ্বনাথ আদি জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:নলবাৰীৰ কথিত ভাষাক লৈ ইতিকিং কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ

ABOUT THE AUTHOR

...view details