গোলাঘাট, ২১ ফেব্ৰুৱাৰী : বর্তমান দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ বিৰুদ্ধে ক্ষোভিত সমষ্টিবাসী ৷ দেৰগাঁও বিধানসভা সমষ্টিৰ সমস্যাবহুল অঞ্চল কাকডোঙা মহিমা-চাবুকধৰা সংযোগী পথ, চাবুকধৰা-বেজগাঁও সংযোগী পথ, এনাইঘৰিয়া-উজিৰগাঁও সংযোগী এই তিনিটা পথ পকীকৰণ বাবে দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীক বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল লাভ কৰিবলৈ সক্ষম নহ’ল ৷ উপায়ন্ত হৈ স্থানীয় ৰাইজে দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা দেৰগাঁও বিধানসভা সমষ্টিৰ বিজেপি টিকটৰ দাবীদাৰ সুশীলা হাজৰিকাৰ নেতৃত্বত এটা দলে গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পথকেইটা নিৰ্মাণ বাবে দাবী জনায় ৷
বিধায়কৰ পৰিবৰ্তে প্ৰাক্তন বিধায়কে মুকলি কৰিলে দেৰগাঁৱৰ তিনিটাকৈ পথ
দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীক চৰম অৱমাননা কাকডোঙা অঞ্চলৰ ৰাইজৰ ৷ জনতাৰ সমস্যাক আওকাণ কৰাৰ বাবেই দেওবাৰে বিধায়কগৰাকীক তিনিটাকৈ পথ মুকলি কৰিবলৈ নিদিলে স্থানীয় ৰাইজে ৷ প্ৰাক্তন বিধায়ক সুশীলা হাজৰিকাই মুকলি কৰে পথ কেইটা ৷
অৱশেষত SOPD আঁচনিৰ অধীনত ৮ কিলোমিটাৰ পথ পুননিৰ্মাণৰ বাবে আৱণ্টন লাভ কৰে৷ উক্ত পথকেইটা নির্মাণৰ আধাৰশিলা দেৰগাঁও সমষ্টিত শাসকীয় মিত্ৰজোট দলৰ অগপ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী থকা পাছতো শতাধিক ৰাইজৰ উপস্থিতিত দেৰগাঁৱৰ প্ৰাক্তন বিধায়িকা বর্তমান বিজেপি টিকট দাবীদাৰ সুশীলা হাজৰিকাই আধাৰশিলা স্থাপন কৰে । দেৰগাঁও সমষ্টিৰ অগপ দলৰ বিধায়কৰ বিৰুদ্ধে বর্তমান ক্ষোভিত সমষ্টিবাসী আৰু চৰকাৰখনৰ কাৰুকার্যই বিপাঙত পেলাব পাৰে ভৱেন্দ্ৰনাথ ভৰালীৰ প্ৰার্থীত্ব লাভত৷ যিয়েই নহওঁক সমষ্টিবাসী আৰু সুশীলা হাজৰিকাৰ জনপ্ৰিয়তাই সলনি কৰিব পাৰে দেৰগাঁৱৰ ৰাজনৈতিক সমীকৰণ ৷
লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে উত্তপ্ত চিলাপথাৰ