গোলাঘাট, 22 জুনঃ গোলাঘাটৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত চকলি মিছিং গাঁও আৰু দুৱৰনী আলিছিগা গাঁৱত গণ সংক্ৰমণৰ আশংকা কৰিছে একাংশ স্থানীয় লোকে ৷ দুয়োখন গাঁৱৰে তিনিগৰাকী মহিলাৰ দেহত দেওবাৰে ধৰা পৰে COVID-19ৰ অৱস্থিতি ৷ চকলি মিছিং গাঁৱৰ উমা কুমাৰী শ্ৰেষ্ঠ আৰু অল্পনা শ্ৰেষ্ঠ নামৰ মহিলা দুগৰাকীৰ লগতে দুৱৰনী আলিচিগা গাঁৱৰ নমিতা দত্ত নামৰ তিনিওগৰাকী আক্ৰান্ত মহিলাৰ সংস্পৰ্শত আহিছিল দুয়োটা স্থানৰে বহু লোক ৷ যাৰ বাবে এতিয়া দুযোখন গাঁৱতে গণ সংক্ৰমণৰ আশংকা কৰিছে স্থানীয় লোকে ৷
সম্প্ৰতি গোলাঘাট জিলা প্ৰসাশনৰ দ্বাৰা ছীল কৰি দিয়া গোলাঘাট নাৰ্চিং হোমত চকলি মিছিং গাঁৱৰ দুয়োগৰাকী আক্ৰান্ত মহিলা এগৰাকী প্ৰসূতিৰ লগত 3 দিন থাকি, ১৮ জুনত চকলিৰ এখন বিদ্যালয়তে কোৱাৰেণ্টাইন হৈ আছিল ৷ দেওবাৰে নাৰ্চিং হোম কৰ্তৃপক্ষই তেওঁলোক COVID-19ত আক্ৰান্ত নহয় বুলি কোৱাত দুয়োগৰাকী নিজৰ ঘৰলৈ গৈছিল ৷ তেওঁলোকৰ খবৰ ল'বলৈ আহিছিল বহু লোক ৷ কিন্তু আচৰিতভাৱে দেওবাৰে নিশা প্ৰায় 10 বজাত দুয়োগৰাকী COVID-19 পজিটিভ বুলি জনায় স্বাস্থ্য বিভাগৰ লোকে ৷ দুয়োগৰাকীকে প্ৰেৰণ কৰা হৈছে গোলাঘাটৰ COVID চিকিৎসালয়লৈ ৷