গোলাঘাট,6 জুনঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিনি পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰি গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । গোলাঘাট চেক্ৰেড হাৰ্ট হাইস্কুলৰ পৰা ষষ্ঠ স্থান লাভ কৰে হৰিদ্ৰা বৰাই। হৰিদ্ৰাৰ পিতৃ ৰুবুল বৰা এজন গণিতৰ শিক্ষক হোৱাৰ লগতে মাতৃ মধুস্মিতা শইকীয়া বৰা এগৰাকী অধিবক্তা। ভৱিষ্যতে পৰিৱেশ বিজ্ঞান অধ্যয়ন কৰি প্ৰকৃতিৰ বাবে কাম কৰাৰ মন হৰিদ্ৰা বৰাৰ।
পঢ়কঃ প্ৰকৃতিৰ হকে কাম কৰি যাব ষষ্ঠ স্থানপ্ৰাপ্ত হৰিদ্ৰা বৰাই
গোলাঘাট জাতীয় বিদ্যালয়ৰ সাফল্যৰ ধাৰা অক্ষুণ্ণ ৰাখি গোলাঘাটৰ নতুন আমোলাপট্টীৰ বাসিন্দা মহেন্দ্ৰ ভৰালী আৰু জয়া নেওগ ভৰালীৰ সুযোগ্য কন্যা নিহাৰিকা ভৰালীয়ে নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছে । নিহাৰিকাৰ পিতৃ-মাতৃ দুয়ো ভাৰতীয় জীৱন বীমা নিগমৰ কৰ্মচাৰী। ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ মন নিহাৰিকাৰ। পঢ়া-শুনাৰ সমান্তৰালকৈ সাংস্কৃতিক দিশত চৰ্চা অব্যাহত ৰাখি আহিছে নিহাৰিকাই।