অসম

assam

ETV Bharat / state

গোলাঘাট আৰক্ষীৰ হাতত জব্দ ড্ৰাগছ ব্যৱসায়ী - three drugs smuggler arrest with brown suger by golaghat police

বৰ্তমান সময়ত দিনক-দিনে বৃদ্ধি হৈ আহিছে সমাজৰ ব্যাধি স্বৰূপ ড্ৰাগছ সেৱন আৰু ব্যৱসায় ৷ আচৰিত ভাৱে অসমৰ সৰু বৰ সকলো চহৰতে চলি আহিছে ড্ৰাগছৰ অবাধ ব্যৱসায় ৷ মঙ্গলবাৰে গোলাঘাট আৰক্ষীৰ ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে অভিযানত জব্দ হয় ড্ৰাগছসহ তিনি ড্ৰাগছ ব্যৱসায়ী ৷

আৰক্ষীৰ হাতত জব্দ ড্ৰাগছ ব্যৱসায়ী

By

Published : Jul 9, 2019, 5:40 PM IST

গোলাঘাট, 9 জুলাই : গোলাঘাটত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান । মঙ্গলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পতি-পত্নীসহ তিনিজনক ৷ গোলাঘাট নগৰৰ 3নং ৰেল গেটৰ পৰা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী মইনা আলি আৰু ভনী বেগমক । লগতে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সেৱনৰ বাবে পৰিয়ালটোৰ বাসগৃহলৈ যোৱা বাবলু হুছেইন নামৰ এজন লোকক ৷ আৰক্ষীৰ মতে মইনা আলিয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল ড্ৰাগছৰ অবাধ ব্যৱসায় । আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী কেইজনৰ জিম্মাৰ পৰা জব্দ কৰে ব্ৰাউন চুগাৰৰ লগতে বহুত সংখ্যক নিচাযুক্ত টেবলেট ৷

মঙ্গলবাৰে গোলাঘাট আৰক্ষীৰ ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে অভিযানত জব্দ হয় ড্ৰাগছসহ তিনি ড্ৰাগছ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details