অসম

assam

By

Published : Jul 5, 2022, 12:33 PM IST

ETV Bharat / state

কাজিৰঙাত জুবি, লিয়ন, ইমিৰ সাফল্যৰ চাৰি বছৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাত চাৰিটা বছৰ সম্পূৰ্ণ কৰিলে জুবি, লিয়ন আৰু ইমিয়ে ৷ চোৰাং চিকাৰীৰ বাবে মুৰৰ কামোৰণি হৈ পৰা কোন এই জুবি, লিয়ন আৰু ইমি ?

three-dogs-from-kaziranga-national-park-complete-four-years-in-security
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাৰি বছৰ সম্পূৰ্ণ কৰিলে জুবি, লিয়ন আৰু ইমিয়ে

বোকাখাত, 5 জুলাই :বিগত চাৰিটা বছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ সৈতে সমানে কৰ্তব্য সমাপন কৰি বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বন বিভাগক সহযোগিতা আগবঢ়াই আহিছে জুবি, লিয়ন আৰু ইমিয়ে(Three dogs from Kaziranga Zubi, Lyon and Emy) ৷ জুবি, লিয়ন আৰু ইমি হৈছে UK আৰু জাৰ্মান প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত তিনিটা K9 স্কোৱাড ড'গ(Three dogs from Kaziranga National Park complete four years) ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাৰি বছৰ সম্পূৰ্ণ কৰিলে জুবি, লিয়ন আৰু ইমিয়ে

উন্নত মানৰ প্ৰশিক্ষণপ্ৰাপ্ত বেলজিয়াম মেলিনীয়াছ প্ৰজাতিৰ জুবি, লিয়ন আৰু ইমি নামৰ এই K9 ড'গ স্কোৱাডে বিগত চাৰি বছৰ ধৰি কাজিৰঙাৰ বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰি আহিছে । বন বিভাগৰ সৈতে চোৰাং চিকাৰীৰ বিৰুদ্ধে চলা অভিযানত বাগৰি বনাঞ্চলৰ জুবিয়ে লাভ কৰিছে বহু কেইটা সফলতা । চোৰাং চিকাৰী প্ৰতিৰোধ কৰাৰ লগতে কাজিৰঙাত বন বিভাগৰ বনকৰ্মীৰ সমানে দিনে নিশাই তহল দিয়ে জুবি, লিয়ন আৰু ইমিয়ে ।

চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ উপৰিও আৰক্ষীকো বিভিন্ন ধৰণৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় কৰি আহিছে জুবি, লিয়ন আৰু ইমিয়ে । এজন বনকৰ্মীৰ দৰেই নিষ্ঠা আৰু সততাৰে বিগত চাৰিটা বছৰে দায়িত্ব পালন কৰি আহিছে জুবি, লিয়ন আৰু ইমিয়ে ।

উল্লেখযোগ্য যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা এশিঙীয়া গঁড় হৈছে পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু । সেয়ে বছৰ বছৰ দিন ধৰি ইয়াৰ বন্য জীৱকূলক সুৰক্ষা প্রদান কৰি আহিছে ইয়াৰ কৰ্তব্যৰত বনকৰ্মীয়ে ।

আনহাতে, প্ৰকৃতিপ্ৰেমী আৰণ্যক নামৰ স্বেচ্ছাসেৱী এটি সংগঠনে কাজিৰঙাৰ বন্যজীৱক অধিক নিৰাপত্তা প্ৰদানৰ উদ্দেশ্যে কাজিৰঙাত নিয়োজিত কৰিছিল ৩টাকৈ প্ৰশিক্ষণপ্ৰাপ্ত বেলজিয়াম মেলিনিয়াছ প্ৰজাতিৰ স্নিফাৰ ড'গ(Belgian Malinois sniffer Dog Breed) ।

বৰ্তমান কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত ইমি, বাগৰি বনাঞ্চলত জুবি, আৰু বোকাখাতৰ মুখ্য কাৰ্যালয়ত লিয়ন কৰ্তব্যৰত হৈ আছে । আঠ বছৰ কৰ্তব্য সম্পাদন কৰাৰ পাছত অৱসৰ দিয়া হয় স্নিফাৰ ড'গ সমূহক । ২০১১ চনৰ পৰা কাজিৰঙাত সংঘটিত বিভিন্ন ঘটনাৰ বিৰুদ্ধে অভিযান চলোৱা জব্ৰা নামৰ K9 স্কোৱাড ড'গটোৱে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :অসমৰ বোৱাৰী হ'ল ছুইডেনৰ অলিভিয়া

ABOUT THE AUTHOR

...view details