মেৰাপানী, 9 এপ্ৰিল :গোলাঘাট জিলাৰ মেৰাপানীত শোকাৱহ ঘটনা ৷ কাঠফুলাৰ বাবেই নিঃশেষ হৈ গ'ল মেৰাপানীৰ এটা পৰিয়াল । মেৰাপানীত সংঘটিত হোৱা কাঠফুলাৰ বিষক্ৰিয়া ঘটনাত বৰ্তমানলৈকে মৃত্যু হৈছে একেটা পৰিয়ালৰে তিনিজনকৈ লোক। এই মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে মেৰাপানীত (Dead after consuming poisonous mushrooms)।
দুবছৰীয়া শিশুসহ পিতৃ-মাতৃৰ কৰুণ মৃত্যু ঘটিল গোলাঘাট জিলাৰ মেৰাপানীত । যাৰ ফলত অকলশৰীয়া হৈ পৰিল পৰিয়ালটোৰ এটি আঠমহীয়া দেৱশিশু । উল্লেখ্য যে যোৱা ২ এপ্ৰিলত মেৰাপানী সীমান্তৰ আপাৰ মেৰাপানীৰ কেইবাটাও পৰিয়ালে পাহাৰৰ পৰা বুটলি অনা বনৰীয়া কাঠফুলা খাই আক্ৰান্ত হৈছিল বিষক্ৰিয়াত । ইয়াৰ পাচতে তেওঁলোকক মেৰাপানী, গোলাঘাট আৰু যোৰহাট চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচত কেইবাজনো লোক সুস্থ হৈছিল যদিও তাৰ মাজৰে কেইবাজনো লোক সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি হৈ আছিল (Three dies after eating poisonous mushrooms in Golaghat) ।
এই বিষক্ৰিয়াত প্ৰথমে তৰালি বৰ্মন নামৰ মহিলাগৰাকীৰ মৃত্যু হোৱাৰ পিচৰ দিনাই মৃত্যু হৈছিল তেওঁৰ স্বামী প্ৰফুল্ল বৰ্মনৰ । কিন্তু ইয়াৰ এটা দিনৰ পাছতে পুনৰ দুৰ্ভগীয়া পৰিয়ালটোৰ দুবছৰীয়া সন্তান হেমন্ত বৰ্মনৰো মৃত্যু ঘটে । কাঠফুলাৰ বিষক্ৰিয়াৰ ফলত এটা পৰিয়াল নিঃশেষ হৈ গ’ল, যদিও নিঠৰুৱা হৈ পৰিল একমাত্ৰ জীৱিত অৱস্থাত থকা আঠমহীয়া সন্তানটি (Poisonous mushrooms reaction)।