বোকাখাত, 28 জানুৱাৰী :বোকাখাতৰ ঐতিহাসিক কুৰুৱাবাহী সত্ৰৰ ভূমি সংৰক্ষণ আৰু ধনশিৰি নদীৰ গৰাখহনীয়া প্ৰতিৰোধী ‘জিঅ' বেগ সংস্থাপন আঁচনি'ৰ প্ৰতি বৃহৎ ভাবুকি কঢ়িয়াই আনিছে একাংশ অসাধু চক্ৰই । জিঅ' বেগ সংস্থাপন আঁচনিৰ ওপৰেৰে দৈনিক ইটা ভাটালৈ মাটি কঢ়িয়াই আহিছে একাংশ অসাধু চক্ৰই । কিন্তু এই অসাধু চক্ৰৰ ষড়যন্ত্ৰ অৱশেষত বন্ধ কৰিলে বোকাখাত মহকুমা ৰাজহ চক্ৰ বিষয়াই ।
উল্লেখ্য যে, ধনশিৰি নদীৰ খহনীয়াই প্ৰৱল ভাবুকি কঢ়িয়াই আনিছে ঐতিহাসিক কুৰুৱাবাহী সত্ৰলৈ । ঐতিহাসিক সত্ৰৰ ভূমিৰ ওপৰত চকু বিহৰা আৰু নুমলীগড়স্থিত ইটা ভাটাসমূহৰ মালিক পক্ষৰ । ঐতিহাসিক সত্ৰখনৰ 'সত্ৰ পথাৰ'ত স্থানীয় ইটা ভেটাৰ মালিক পক্ষই অবৈধভাৱে চলাই আহিছে মাটি খনন । যাৰ বাবে দৈনিক শতাধিকবাৰ মাটি কঢ়িওৱা ডাম্পাৰ চলে এই আঁচনিখনৰ ওপৰেৰে ।