অসম

assam

By

Published : Oct 26, 2021, 8:27 PM IST

ETV Bharat / state

শাৰদীয় বতৰত বজাৰৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে বোকাখাতৰ মৃৎ শিল্পীয়ে

পোহৰৰ উৎসৱ দিপাৱলী দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰ ৷ ক'ৰবাত যদি মৃৎ শিল্পীয়ে মা-কালীৰ মূৰ্তি নিৰ্মাণ কৰিছে, আন ক'ৰবাত আকৌ বিৰামহীনভাৱে ঘুৰিছে কুমাৰৰ চাক । ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে বোকাখাততো দেখা গ'ল এনে পৰিবেশ ৷

Thousands of earthen lamps have made by pottery artists
শাৰদীয় বতৰত বজাৰৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে বোকাখাতৰ মৃৎ শিল্পীয়ে

বোকাখাত, 26 অক্টোবৰ :পোহৰৰ উৎসৱ দিপাৱলীৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰ ৷ ক'ৰবাত যদি মৃৎ শিল্পীয়ে মা-কালীৰ মূৰ্তি নিৰ্মাণ কৰিছে, আন ক'ৰবাত আকৌ বিৰামহীনভাৱে ঘুৰিছে কুমাৰৰ চাক । ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে বোকাখাততো দেখা গ'ল এনে পৰিবেশ ৷

দিপাৱলী উপলক্ষে চাকি, ঘট, মলা, ধূনাবাতি আদি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে বোকাখাতৰ মৃৎ শিল্পী সকল ৷ বোকাখাতৰ মৃৎ শিল্পীসকলৰ আছে এক সুকীয়া পৰিচয় ৷ এই শিল্পী সকলে তৈয়াৰ কৰা মাটিৰ চাকি, মলা আদি ৰূপ্তানি হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈকো ৷

শাৰদীয় বতৰত বজাৰৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে বোকাখাতৰ মৃৎ শিল্পীয়ে

লগতে পঢ়ক:মুখ্যমন্ত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

বোকাখাতৰ মাটি চাকীয়ে যোৰহাট, গোলাঘাটৰ বজাৰত বিশেষ স্থান দখল কৰি আহিছে ৷ বোকাখাতৰ এগৰাকী মৃৎ শিল্পীয়ে সদৰী কৰা মতে, বোকাখাতত তৈয়াৰ কৰা হাজাৰ হাজাৰ মাটিৰ চাকিয়ে প্ৰত্যেক বছৰে গোলাঘাট আৰু যোৰহাটৰ বজাৰৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে ৷

মৃৎ শিল্পী গৰাকীয়ে অভিযোগ কৰা মতে, শাৰদীয় এই সময়ছোৱাত মৃৎ শিল্পী সকলে হাজাৰ হাজাৰ মাটি চাকি তৈয়াৰ কৰে যদিও উচিত মূল্য লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে ৷ ইয়াৰ বিপৰীতে মধ্যভোগী ব্যৱসায়ী সকলেহে মাটিৰ পৰা তৈয়াৰ কৰা সামগ্ৰীৰ লাভৰ অধিকাংশ ভোগ কৰি আহিছে ৷ কাৰণ মধ্যভোগীয়ে বজাৰ দখল কৰাৰ ফলত অতি কম মূল্যতে সামগ্ৰী বিক্ৰী কৰিবলগীয়া হৈছে মৃৎ শিল্পী সকলে ৷

লগতে পঢ়ক:কি আছে ৰাজ্য চৰকাৰৰ নতুন ক'ভিড SOP ত ?

ABOUT THE AUTHOR

...view details