গোলাঘাট,22 জুন: বছৰৰ দ্বিতীয়টো বানে ইতিমধ্য়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ কেইবাখনো জিলাত ৷ বানৰ কবলত পৰিছে গোলাঘাট জিলাৰ বিস্তীৰ্ণ কৃষিভূমি ৷ জিলাখনৰ দিচৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ কৃষিভূমি বানৰ কবলত পৰাত মুৰে-কপালে হাত দিছে কৃষকসকলে ৷ পঞ্চায়তখনৰ অধীনৰ এলেংমাৰী বান্ধৰ ওপৰেৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী বাগৰি সৃষ্টি কৰিছে বানৰ ৷ উক্ত বান্ধটো দীৰ্ঘদিনে মেৰামতিৰ অভাৱত শোচনীয় ৰূপ ধাৰণ কৰি আছিল ৷ উক্ত এলেকাৰ সম্প্ৰতি প্ৰায় পঞ্চাশখন গাঁও বুৰ গৈছে বানত ৷
গোলাঘাটত বানৰ কবলত হেজাৰ-হেজাৰ বিঘা কৃষিভূমি
গোলাঘাটত বানৰ কবলত পৰিছে বৃহৎ পৰিমাণৰ বড়োধানৰ খেতি ৷ জিলাখনৰ দিচৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেংমাৰী বান্ধৰ ওপৰেদি পানী বাগৰি অঞ্চলটোত সৃষ্টি কৰে বানৰ ৷ ফলত কেঁচাতে ধান চপাবলগীয়া হৈছে কৃষকসকলে ৷
বানৰ কবলত কৃষিভূমি
বৰ্তমান অঞ্চলটোৰ কৃষকসকলে বানৰ প্ৰকোপৰ বাবে কেঁচাতে চপাবলগীয়া হৈছে বড়ো ধান ৷ মূৰৰ ঘাম মাটিত পেলাই কৃষকে কৰা বড়োধানৰ খেতি বানত নষ্ট হোৱাৰ উপক্ৰম হৈছে ৷ সেয়ে কৃষকসকলে এতিয়া ক্ষোভ উজাৰিছে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ৷
লগতে চাওকঃদ্বিতীয়টো বানৰ কবলত পবিতৰা অভয়াৰণ্য