অসম

assam

ETV Bharat / state

চোৰৰ মতিভ্ৰম:বাটত পেলাই থৈ গ'ল লুটি নিয়া ধন - গোলাঘাটত পইচা চুৰি কৰি আধাবাটত পেলাই গ'ল টকা

তাৎপৰ্যপূৰ্ণ যে,আৰক্ষীয়ে বেগটোৰ পৰা মাত্ৰ ৯০ হাজাৰ টকাহে উদ্ধাৰ কৰে ৷ বাকী প্ৰায় ১ লাখ ৫০ হাজাৰ টকা এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

সৰুপথাৰ
সৰুপথাৰ

By

Published : Dec 27, 2019, 2:08 PM IST

সৰুপথাৰ, 27 ডিচেম্বৰ:শুকুৰবাৰেগোলাঘাটৰ ভাৰতীয় ষ্টেট বেংকৰ বৰপথাৰ শাখাৰ পৰা প্ৰায় আঢ়ৈ লাখ টকা লৈ উধাও হ'ল এটা দুৰ্বৃত্তৰ দল ৷ ভুক্তভোগীৰ ভাষ্য অনুসৰি, সঞ্জীৱ পুৰি নামৰ এজন যুৱকে ষ্টেট বেংকৰ CSPৰ বাবে টকা নিবলৈ আহোতেই টকাৰ বেগটো লৈ পলায়ন কৰে দুৰ্বৃত্তই ৷ কিন্তু টকাৰ বেগটো বৰপথাৰ প্ৰাথমিক চিকিৎসালয়ৰ চৌহদত উদ্ধাৰ হয় ৷ চিকিৎসালয় বন্ধ কৰাৰ সময়ত এগৰাকী নাৰ্চে বেগটো প্ৰত্যক্ষ কৰি সহযোগীৰ সৈতে চাওঁতে টকা দেখা পাই আৰক্ষীক খবৰ দিয়ে ৷

চুৰি কৰি আধাবাটত পেলাই গ'ল টকা

কিন্তু তাৎপৰ্যপূৰ্ণ যে,আৰক্ষীয়ে বেগটোৰ পৰা মাত্ৰ ৯০ হাজাৰ টকাহে উদ্ধাৰ কৰে ৷ বাকী প্ৰায় ১ লাখ ৫০ হাজাৰ টকা এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ বৰপথাৰ আৰক্ষীয়ে বেংকৰ CCTVৰ ফুটেজৰ যোগেদি তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়াও চোৰৰ দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক: ছত্তিশগড়ত ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱৰ শুভাৰম্ভণী:উপস্থিত ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details