গোলাঘাট, 5 জুলাই : গোলাঘাট (Golaghat)ত পুনৰ সক্ৰিয় হৈছে চোৰৰ বৃহৎ গেং । নৈশ সান্ধ্য আইন (Night Curfew)ৰ সুযোগ লৈ এতিয়া নগৰখনৰ কেইবাটাও অঞ্চলত চোৰে চলাইছে চাফাই অভিযান । শনিবাৰে নিশা গোলাঘাট (Golaghat)ৰ তিনিটা অঞ্চলত চোৰে (Thief) সংঘটিত কৰিলে চুৰিকাণ্ড ।
প্ৰায় লাখ লাখ টকাৰ সামগ্ৰী লুটি নিলে চোৰে । বৰ্তমান চোৰৰ সন্ধানত আৰক্ষী (Golaghat Police)য়ে অব্যাহত ৰাখিছে অভিযান (Investigation) ৷ গোলাঘাটৰ তপন নগৰৰ অনুপম ফেক্টৰীৰ সমীপত এটা বাসগৃহৰ পৰা নিশা চোৰে (Thief) নগদ ১ লাখ টকাসহ প্ৰায় ডেৰ লাখ টকাৰ আ-অলংকাৰ চুৰি কৰি নিয়ে ৷
গৃহস্থ শুই থকা অৱস্থাতে চোৰে (Thief)চলায় এই চুৰিকাণ্ড । শ্ৰীকান্ত গুপ্তা নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড । আনহাতে নগৰখনৰ নিউ ফিছ মাৰ্কেট (New Fish Market)ৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান (Commercial Establishment)ৰ পৰাও চোৰে লুটি নিয়ে নগদ ১০ হাজাৰ টকা ।
গেলামালৰ দোকানখনৰ দুৱাৰ ভাঙি চোৰে নিশা সংঘটিত কৰে এই ঘটনা । পুৱা গৌৰৱ বাৰ্ণাল নামৰ স্বত্বাধিকাৰীগৰাকীয়ে দোকান খুলিবলৈ বুলি আহি প্ৰত্যক্ষ কৰিলে এই দৃশ্য । গোলাঘাট (Golaghat)ৰ ঘোষ গাৰ্মেণ্টচ নামৰ এখন কাপোৰৰ দোকানতো চুৰে (Thief) চলায় অভিযান ।
কোনো সা-সামগ্ৰী লুটি নিব নোৱাৰে যদিও দোকানখনৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল চোৰে । তিনিওটা অঞ্চলত গোলাঘাট আৰক্ষী (Golaghat Police) উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া (Investigation) । কৰ’ণা (Covid 19)ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি ৰাজ্যৰ বিভিন্ন জিলাত সান্ধ্য আইন (Night Curfew)অব্যাহত ৰখা হৈছে ৷
এই অনুসৰি সন্ধিয়া ৫ বজাৰ পৰা সকলো দোকান-পোহাৰ আৰু যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ আছে ৷ গোলাঘাট (Golaghat)ত জিলাতো অব্যাহত আছে সান্ধ্য আইন (Night Curfew) ৷ সান্ধ্য আইন (Night Curfew) ৰ সুযোগ লৈ চোৰে এতিয়া চলাইছে চাফাই অভিযান ৷
লগতে পঢ়ক :আৰক্ষী বিষয়াৰ ঘৰত চোৰে চলালে হাত চাফাই