বেঙেনাখোৱা নামঘৰত চুৰিকাণ্ড - NAMGHOR'
গোলাঘাটৰ বেঙেনাখোৱা বৰনামঘৰত নিশা চোৰে চলালে লুটপাত । দানপাত্ৰৰ তলা ভাঙি লুটি নিলে জমা ধন ।
![বেঙেনাখোৱা নামঘৰত চুৰিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3458277-879-3458277-1559555463334.jpg)
গোলাঘাটৰ নামঘৰত চুৰিকাণ্ড !
গোলাঘাট,৩ জুনঃ দিনকদিনে যেন মন্দিৰ-নামঘৰসমূহ চোৰৰ টাৰ্গেট হৈ আহিছে । নামঘৰৰ টিনপাত উঠাই এইবাৰ চোৰ সোমাল গোলাঘাটৰ বেঙেনাখোৱা বৰনামঘৰত । দেওবাৰে নিশা গোলাঘাট বেঙেনাখোৱা বৰনামঘৰত চোৰে নামঘৰৰ কাঁহৰ পাত্ৰ আৰু দানপাত্ৰৰ তলা ভাঙি লুটি নিলে জমা ধন । নিশা নামঘৰত ভাওনাৰ আখৰা সমাপ্ত কৰি স্থানীয় ৰাইজ ঘৰাঘৰি যোৱাৰ পিছতেই উক্ত চুৰিকাণ্ডটো সংঘটিত হয় ।
গোলাঘাটৰ নামঘৰত চুৰিকাণ্ড !