গোলাঘাট, 14 ডিচেম্বৰ: গোলাঘাট নগৰৰ গণপতি ট্ৰেড এণ্ড ইলেকট্ৰিকেল নামৰ এখন হাৰ্ডৱেৰ ব্যৱসায়ী প্ৰতিষ্ঠানত সোমবাৰে নিশা চোৰে চলালে চাফাই অভিযান । গোলাঘাট সদৰ থানাৰ(Golaghat Police Station) পৰা প্ৰায় ৩০০ মিটাৰ দূৰত্বত অৱস্থিত ব্যৱসায়ী প্ৰতিষ্ঠানখনত সংঘটিত হোৱা এই চুৰিকাণ্ডই গোলাঘাট নগৰৰ নিৰাপত্তাৰ দিশৰ প্ৰতি আৰক্ষী প্ৰশাসন কিমান সষ্টম তাকে প্ৰমাণিত কৰিছে ।
সোমবাৰে নিশা ব্যৱসায়ী প্ৰতিষ্ঠানখনৰ পিছফালৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি চোৰে লুটি নিয়ে ৬০ হাজাৰ টকা । মঙলবাৰে পুৱা ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ পাছতহে নিশা চুৰি হোৱাৰ কথা জানিব পৰা যায় । অৱশ্যে প্ৰতিষ্ঠানখনত সংযুক্ত হৈ থকা চিচিটিভি কেমেৰাত সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য বন্দী হয় ।