গোলাঘাট,12 আগষ্ট: গোলাঘাটত ক্ৰমাৎ বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা ৷ নগৰখনৰ মাজমজিয়াত মঙলবাৰে নিশা সংঘটিত হৈছে এক চুৰিকাণ্ড । ঘটনাৰ বিৱৰণী অনুসৰি, গোলাঘাট নগৰৰ চুকাফা ক্ষেত্ৰৰ সমীপৰ দুখন বিপণীৰ পৰা চোৰে চুৰি কৰে প্ৰায় লক্ষাধিক মূল্যৰ সামগ্ৰীৰ লগতে নগদ ধন ।
ফলমূলৰ বিপণীত চোৰে চলালে চাফাই অভিযান - চুকাফা ক্ষেত্ৰ
দিনকদিনে গোলাঘাটত বৃদ্ধি পাইছে চুৰিৰ ঘটনা ৷ মঙলবাৰে নগৰখনৰ মাজমজিয়াত অৱস্থিত দুখন ফলমূলৰ বিপণীত চোৰে চুৰিকাৰ্য সংঘটিত কৰি লুটি নিয়ে লক্ষাধিক মূল্যৰ সামগ্ৰীৰ লগতে নগদ ধন ৷ একেটা অঞ্চলত পূৰ্বতেও সংঘটিত হৈছিল চুৰিৰ ঘটনা ৷ ঘটনা প্ৰসংগত কোনো কাণসাৰ নাই আৰক্ষীৰ ৷
ফলমূলৰ বিপণীত চোৰৰ অভিযান
বিজয় কুমাৰ সিং আৰু দীনেশ জয়ছোৱাল নামৰ ব্যক্তি দুগৰাকীৰ ফল-মূলৰ বিপণীৰ তলা ভাঙি চোৰে চলাই যায় চাফাই অভিযান । উল্লেখ্য যে,পূৰ্বেও একেটা অঞ্চলৰ প্ৰায় পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিৰ ঘটনা সংঘটিত হৈছিল । নগৰখনৰ মাজমজিয়াতে এনেদৰে চোৰে অভিযান চলাই যোৱাৰ পিছতো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই এই কাণ্ডত জড়িত কোনো লোকক ৷ প্ৰায়ে সংঘটিত এই চুৰি কাৰ্যই আৰক্ষীৰ লগতে নিৰাপত্তাৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে ৷
লগতে চাওকঃবনৰীয়া ঘোঁৰাৰ আক্ৰমণত ছাত্ৰী আহত