গোলাঘাট, 23আগষ্টঃচোৰৰ চকু এইবাৰ সোণৰ আ-অলংকাৰ অথবা ৰিফ্ৰিজাৰেটৰ, টিভি নহয় ৷ চোৰৰ শেনচকু পৰিল সুৰাৰ বটলত ৷ যাৰ বাবে চোৰে চাফাই অভিযান চলালে সুৰাৰ বিপণীত ৷ এই ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাত ৷
জিলাখনৰ গোলাঘাট চহৰৰ জোনাকী নগৰত থকা নিৰ্মল সন্দিকৈ সুৰাৰ বিপণীত সংঘটিত হোৱা এই চুৰি ঘটনাত চোৰে লুটি নিয়ে নগদ ১৩,০০০ হাজাৰ টকাৰ লগতে বিপণীখনৰ প্ৰায় লক্ষাধিক টকাৰ দামী দামী সুৰাৰ বটল ৷
গোলাঘাটৰ সুৰাৰ বিপণীত চোৰৰ চাফাই অভিযান ইপিনে সুৰাৰ বিপণীখনৰ ব্যৱসায়ীৰ অভিযোগ, গোলাঘাট চহৰত ক্ৰমাৎ বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস ৷ ইয়াৰ পূৰ্বতেও চোৰে সংঘটিত কৰি আহিছে চুৰিকাণ্ডৰ ঘটনা ৷ কিন্তু কাণসাৰ নাই আৰক্ষীৰ ৷ চোৰক কৰায়ত্ব কৰাটো বিফল হৈছে গোলাঘাট আৰক্ষী ৷ যাৰ পৰিপ্ৰেক্ষিতত অতি শীঘ্ৰে নিদ্ৰাহৰণ কৰা চোৰৰ দলটোক কৰায়ত্ব কৰিবলৈ দাবী জনাইছে বিপণী খনৰ ব্যৱসায়ীসকলে ৷
লগতে পঢ়কঃবাজেট ব্যয় সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ মন্তব্যক অপপ্ৰচাৰ আখ্যা ৰাজ্যিক বিজেপিৰ