বোকাখাত, 30 ডিচেম্বৰ :শাৰীৰিক বাধাকো নেওচি চাৰি হাজাৰ কি.মি. পথ একেৰাহে বাহন চলাই অসমত উপস্থিত হ’লহি গুজৰাটৰ প্ৰশান্ত গড়কানে আৰু তেওঁৰ সতীৰ্থ ৷ 2012 বৰ্ষত এক দুৰ্ঘটনাত পতিত হৈ দুয়োখন ভৰিয়েই হেৰুৱাব লগীয়া হৈছিল প্ৰশান্তে ৷ কিন্তু শাৰীৰিক বাধাকো নেওচি 2022 বৰ্ষৰ GUMBALL INDIA সংস্থাই আয়োজন কৰা Non-stop চাৰি হাজাৰ কি.মি.পথ একোৰাহে বাহন চলাই বিজয়ী খিতাপ দখল কৰিবলৈ সক্ষম হয় বিশেষভাৱে সক্ষম প্ৰশান্ত আৰু তেওঁৰ এগৰাকী সতীৰ্থই ৷
উল্লেখ্য যে, প্ৰতিবছৰে GUMBALL INDIA সংস্থাই আয়োজন কৰে এক নিদ্দিৰ্ষ্ট কি.মি পথত Non-stop বাহন চলোৱা প্ৰতিযোগিতা ৷ বিগত বৰ্ষসমূহৰ লেখিয়াকৈ 2021 বৰ্ষতো সংস্থাটোৱে ভাৰতৰ স্বাধীনতাৰ ৭৫ বৰ্ষৰ ‘আজাদি কি অমৃত মহোৎসৱ’ (Azadi Ka Amrit Mahotsav)ৰ লগত সংগতি ৰাখি ‘গঁড় সুৰক্ষা’ আৰু ‘One Nation One people’ বাণী প্ৰচাৰৰ উদেশ্যে আয়োজন কৰা Non-stop চাৰি হাজাৰ কি.মি.পথ বাহন চালনাৰ ৰেলী আয়োজন কৰা হয় ৷ এই ৰেলীত দেশৰ ১৬ খন ৰাজ্যৰ ১৬ টা দলে অংশগ্ৰহণ কৰে ৷