কাজিৰঙা, ১৯ জুন :ৰাজ্যজুৰি বানৰ সংহাৰ(Floods cause extensive damage in Assam) । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানতো বৃদ্ধি পাইছে বানৰ প্ৰকোপ(Flood affects Kaziranga National Park) । ইতিমধ্যেই ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৪টা কৈ বন শিৱিৰ বৰ্তমান বুৰ গৈছে বানত । নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বন্য জীৱ-জন্তু । সেয়েহে যথেষ্ট কঠোৰ হৈছে বন বিভাগ তথা নগাঁও জিলা পৰিৱহন বিভাগ ।
বন্য জন্তুৱে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰিছে । এনে সময়ত কাজিৰঙাৰে পাৰ হৈ যোৱা বাহনসমূহে যাতে জীৱকুলৰ কোনোধৰণৰ অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও জিলা পৰিবহন বিভাগে । সকলোকে গাড়ী লাহে লাহে চলাবলৈ জনাইছে আহ্বান ।
উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বন্যজন্তুৰ সুৰক্ষাৰ বাবে কাজিৰঙাৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছটা মুখ্য স্থানত ছেনছৰ কেমেৰা স্থাপন কৰিছে ৷ যাৰ জৰিয়তে ঘণ্টাত ৪০ কিলোমিটাৰতকৈ বেগত যোৱা বাহনক নিৰীক্ষণ কৰি জৰিমনা বিহিছে । সমগ্ৰ পৰিৱেশ নিৰীক্ষণ কৰি আছে পৰিবহন বিভাগেৰ এনফৰ্চমেণ্ট টিমৰ দুখনকৈ বাহনে ৷ তদুপৰি জাৰি কৰা হৈছে ১৪৪ ধাৰা (144 in Kaziranga)৷