গোলাঘাট, 27 ছেপ্তেম্বৰ : কেৱল ৰাজপথতে নহয় স্বাৱলম্বী হোৱাৰ আন্দোলনৰ জৰিয়তে নিজৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হৈছে অসমৰ এগৰাকী লোকে ৷ বিভিন্ন সময়ত উদাত্ত প্ৰতিবাদী কন্ঠৰে দেশ আৰু স্বজাতিৰ স্বাৰ্থত মাত-মাতি অহা লোকজনে লক ডাউনৰ সময়ত আৰম্ভ কৰিছে আন এক বিপ্লৱ ৷ কাঠফুলা, চাহ খেতি, কুকুৰা পালনৰে স্বাৱলম্বীতাৰ পথ সুগম কৰি যুৱকজনে দেখুৱাইছে আন বহুতক আদৰ্শ ৷
হয় আমি কবলৈ ওলাইছেমদ মুক্ত দাবী সমিতি অসমৰ সভাপতি তথা গোলাঘাট জিলাৰ হাতীয়েখোৱাৰ প্ৰবীন দাসৰ কথা ৷ বিভিন্ন সময়ত সংগ্ৰামী লোকজনে চৰকাৰ তথা শোষণ যন্ত্ৰৰ বিৰুদ্ধে মাত মাতি অহাৰ লগতে অসমক মদ মুক্ত কৰিবলৈ বিভিন্ন মাধ্যমৰ জৰিয়তে দাবী উত্থাপন কৰি আহিছে ৷ আনকি, লোকজনে CAA আন্দোলনৰ সময়তো সক্ৰিয় ভূমিকা গ্ৰহণ কৰি ৰাজপথত আন্দোলন কৰা পৰিলক্ষিত হৈছিল ৷
লগতে পঢ়ক :ভেল্লাত হস্তনিৰ্মিত পিষ্টলসহ তিনিটা ডকাইত গ্ৰেপ্তাৰ