গোলাঘাট,20ডিচেম্বৰ:অজন্তা নেওগ বিজেপি লৈ গমন কৰাৰ খবৰ বিয়পি পৰাৰ পাচতেই হঠাৎ সলনি হৈ পৰিছে গোলাঘাটৰ ৰাজনৈতিক প্ৰেক্ষাপট । এফালে কংগ্ৰেছ আনফালে অজন্তাৰ তৎপৰতা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা দলে গোলাঘাটত অজন্তাৰ বিজেপি গমনৰ খবৰৰ পাচতেই বাহৰ পাতিছে গোলাঘাট আৰু দাঁতি-কাষৰীয়া অঞ্চলত ।
ঠিক একেদৰে অজন্তা নেওগে গোলাঘাটৰ এৰেঙ্গাপাৰাৰ নিজা বাসগৃহত সমষ্টিবাসীৰ পৰা সহাৰি বিচাৰি আলোচনাত মিলিত হৈছে । গোলাঘাটৰ প্ৰত্যেকখন পঞ্চায়তৰ পৰা উপস্থিত হৈছে লোক ৷ আলোচনাৰ শেষত অজন্তা বিজেপি লৈ যোৱা আৰু সহাৰি বিচৰা বুলি সাংবাদিকক জানিব দিয়ে উপস্থিত লোকে । অজন্তা বিজেপি লৈ গ'লেও অজন্তাৰ লগতে থকাৰ কথা কয় আলোচনাত মিলিত হোৱা সমষ্টিবাসীয়ে ।