গোলাঘাট, 17 জুনঃ এইবাৰ কছাৰী ৰাজ্যৰ স্বাক্ষৰ বহনকাৰী নুমলী কোঁৱৰীৰ গড় খান্দি নোহোৱা কৰিছে অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই ৷ অভিযোগ অনুসৰি ঐতিহ্যমণ্ডিত গড়টো দ্বি খণ্ডিত কৰি অইল ইণ্ডিয়াই সেই স্থানত স্থাপন কৰিছে পাইপলাইন ৷ যাক লৈ এতিয়া ক্ষোভত হৈ পৰিছে আছু, আটছা, এ জে ৱাই চি পিকে ধৰি বহুকেইটা দল-সংগঠন আৰু স্থানীয় ৰাইজ ৷
ঐতিহ্যমণ্ডিত নুমলী কুঁৱৰী গঁড়ত ONGC ৰ বুলডজাৰঃ দল-সংগঠনৰ প্ৰতিবাদ - অইল ইণ্ডিয়া
গোলাঘাটত অইল ইণ্ডিয়াৰ পাইপ স্থাপনৰ বাবে আৰম্ভ কৰা খনন কাৰ্যই সংকট নমাই আনিছে, বুৰঞ্জী প্ৰসিদ্ধ নুমলী কুঁৱৰীৰ গড়ৰ লগতে সেই স্থানতে থকা হস্তী দণ্ডীলৈ ৷
the historical numali konwari rampart is in dangerthe historical numali konwari rampart is in danger
উল্লেখ্য যে, যি স্থানত অইল কপৰ্তৃপক্ষই পাইপ বঢ়োৱাৰ নামত খনন কাৰ্য আৰম্ভ কৰিছে, সেই স্থানতে আছিল এটা হস্তী দণ্ডীও ৷ যাৰ বাবে এতিয়া বন্যহস্তীৰ অহা-যোৱাৰ কৰাৰ ক্ষেত্ৰতো আহি পৰিছে বিপদ ৷ প্ৰশাসনৰ সন্মুখতে কৰা অইল ইণ্ডিয়াৰ এই কাৰ্যক লৈ এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে সমগ্ৰ অঞ্চলটোত ৷
লগতে পঢ়কঃপ্ৰসংগ: সেনাৰ অত্যাচাৰত নিৰীহ যুৱক মৃত্যু, গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া