অসম

assam

By

Published : Nov 2, 2020, 5:46 PM IST

ETV Bharat / state

গোলাঘাটত ড্ৰাগছসহ গ্ৰেপ্তাৰ দম্পতী

গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ আৰক্ষী । ড্ৰাগছ সৰবৰাহ কৰাৰ সময়ত আৰক্ষীৰ জালত পৰিল সঞ্জু আলী আৰু পত্নী চবনম খান ৷ পত্নীৰ গোপন অংগত ড্ৰাগছ লুকুৱাই আনি আৰক্ষীৰ জালত পৰিল দম্পত্তী হাল ৷

The couple was arrested in Golaghat
গোলাঘাটত গ্ৰেপ্তাৰ দম্পতী

গোলাঘাট,2নৱেম্বৰ :গোলাঘাটৰ বেঙেনাখোৱাত মাৰাত্মক ড্ৰাগছ সহ গ্ৰেপ্তাৰ হ'ল এহাল পতি-পত্নী । আৰক্ষীক চকুত ধূলি দি পত্নীৰ গোপন অংগত ড্ৰাগছ লুকুৱাই আনি আৰক্ষীৰ জালত পৰিল সঞ্জু আলী আৰু পত্নী চবনম খান আলি । সঞ্জু আৰু পত্নী চবনমে AS01Z7163 নম্বৰৰ এখন ৱেগ'নাৰ বাহনেৰে আহি থকাৰ সময়তে গোলাঘাটৰ আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োজনকে ৷

গোলাঘাটত গ্ৰেপ্তাৰ দম্পতী

প্ৰাপ্ত তথ্য অনুসৰি, ড্ৰাগছ ব্যৱসায়ী সঞ্জু আলীয়ে পত্নীৰ গোপন অংগত লুকুৱাই আনিছিল প্ৰায় ৫ লাখ টকাৰ মূল্যৰ ড্ৰাগছৰ পেকেট ৷ গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বাহনখনত তালাচী চলাই নিষিদ্ধ হেৰ'ইন খিনি জব্দ কৰে ৷ নিষিদ্ধ হেৰ'ইনখিনি ডিমাপুৰ পৰা যোৰহাটলৈ লৈ গৈছিল সঞ্জু আলীয়ে ৷ ধৃত সঞ্জু আলী পূৰ্বেও হত্যাৰ অভিযোগত অভিযুক্ত বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

অন্য এক খবৰৰ বাবে:তেজপুৰত মডেল হাইস্কুলৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details