গোলাঘাট,1 জুলাই:কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত ক্ৰমে সুস্থ হৈ উঠিছে টংলাৰ পৰা উদ্ধাৰ কৰি অনা বগলী পোৱালী সমূহ ৷ টংলা পৌৰসভাৰ অমানৱীয় কাৰ্যত নিঠৰুৱা হোৱাৰ পাছতে বগলী পোৱালী সমূহক টংলাৰ পৰা কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হৈছিল ৷ সম্প্ৰতি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসকৰ নিৰীক্ষণত আছে 84 টা বগলী পোৱালী ৷ অচিৰেই পোৱালী কেইটা সুস্থ হৈ উঠিব বুলি আশা কৰিছে পশু চিকিৎক সকলে ৷
চিকিৎসকে জনোৱা তথ্য অনুসৰি, টংলাৰ পৰা সংকটজনক আৱস্থাত সৰ্বমূঠ 88 টা বগলী পোৱালী অনা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে কেন্দ্ৰত 4 টা বগলীৰ মৃত্যু হয় ৷ সম্প্ৰতি 84 টা পোৱালীক অভিজ্ঞ পশু চিকিৎসকৰ ত্বত্তাৱধানত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ বগলীৰ পোৱালী কেইটাক প্ৰজাতি ভেদে পৃথকে ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে বুলি জনাইছে চিকিৎসকে ৷ বগলীৰ পোৱালী কেইটা সম্পুৰ্ণ সুস্থহৈ উঠিলে পুনৰ প্ৰাকৃতিক পৰিৱেশত সংস্থাপন কৰিব বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই ৷