গোলাঘাট, 14 অক্টোবৰ : হঠাৎ মঙলবাৰে নিশা গোলাঘাট নগৰত শুনা গ’ল আতচবাজীৰ শব্দ । চাৰিওফালে এক প্ৰকাৰৰ কোলাহল, হৈ-চৈ ৷ ইয়াৰ কাৰণ হ’ল কাৰণ এটা বাঘ । নগৰৰ মাজমজিয়াত নিশা উপদ্ৰৱ চলালে এটা বাঘে । বাঘ খেদিবলৈ ফটকা ফুটাইছে ৰাইজে । এটা বাঘে টোপনি হৰিছে সাধাৰণ ৰাইজৰ । বন বিভাগক এই বিষয়ে অৱগত কৰাৰ পাচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ।
নিশা বাঘক লৈ আতংকিত গোলাঘাট নগৰবাসী
এটা বাঘে টোপনি হৰিছে সাধাৰণ ৰাইজৰ । বাঘ খেদিবলৈ ফটকা ফুটাইছে ৰাইজে । গোলাঘাট নগৰত নিশা বাঘৰ ভয়ত আতংকিত হৈ পৰিল নগৰবাসী।
নিশা বাঘক লৈ আতংকিত গোলাঘাট নগৰবাসী
গোলাঘাটৰ ৰংপুৰত মঙলবাৰে এটা বাঘে মানুহৰ ঘৰত সোমাই আক্ৰমণ কৰিছিল এটা পোহনীয়া কুকুৰক । তাৰ পাচৰে পৰা বাঘটোৱে উপদ্ৰৱ চলায় অঞ্চলটোত । নগৰৰ মাজমজিয়াত বাঘৰ এনে ত্ৰাসৰ বিষয়ে বন বিভাগক অৱগত কৰাৰ পাচতো বাঘটো খেদাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে । যাৰবাবে গোলাঘাট নগৰত নিশা বাঘৰ ভয়ত আতংকিত হৈ পৰিল নগৰবাসী । পাচত বন বিভাগৰ লোকে অঞ্চলটোত বাঘ খেদিবলৈ ফটকা ফুটুৱাৰ লগতে এক অভিযান চলায় ।
লগতে পঢ়ক :লেজাই-কলখোৱা অঞ্চলত বনৰীয়া ম'হৰ সন্ত্ৰাস