নিউজ ডেস্ক, 14 অক্টোবৰ :পূজাৰ আনন্দ উল্লাসৰ মাজতে দিন-দুপৰতে বোকাখাতত চোৰৰ চাফাই অভিযান । বোকাখাতৰ মিলনপুৰৰ ফুলবাহাদুৰ বিশ্বকৰ্মা আৰু মায়া বিশ্বকৰ্মাৰ ঘৰত সংঘটিত হৈছে এই চুৰিকাণ্ড ৷ ঐতিহাসিক শ্ৰী শ্ৰী কাকগোঁসানী থানলৈ বুলি ওলাই অহা পৰিয়ালটোৰ ঘৰৰ ভেন্টিলেটৰ ভাঙি চোৰে প্ৰায় ৫ লাখ টকাৰ সোণৰ গহনা, টিভি, নগদ ২৫ হাজাৰ টকাৰ লগতে বিভিন্ন বেংকৰ ৪ খন ATM কাৰ্ড চুৰি কৰি লৈ যায় ৷
ইফালে কানাড়া বেংকৰ এখন ATM কাৰ্ডৰ জৰিয়তে চোৰে ইতিমধ্যেই ২২ হাজাৰ টকা উলিয়াছে বুলি সদৰী কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে ৷ উক্ত চুৰিকাণ্ড সন্দৰ্ভত বোকাখাত আৰক্ষীৰ থানাত এখন এজাহাৰো দাখিল কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে ৷ উক্ত এজাহাৰৰ ভিত্তিত বোকাখাত আৰক্ষীৰ এটা দলে পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।
পূজাৰ এই ধামখুমীয়াৰ মাজতে চৰাইদেউ জিলাৰ সোণাৰিটো সংঘটিত হৈছে বোকাখাতৰ দৰে অনুৰূপ ঘটনা ৷ দুর্গা পূজাৰ মহা অষ্টমীৰ আনন্দৰ মাজতে সোণাৰি নগৰৰ মাজমজিয়াৰ নামৰূপ বাছ ষ্টেণ্ডৰ কাষৰ পৰাই নগদ ধনসহ বহু টকাৰ সামগ্ৰী লুটি নিয়ে চোৰে ৷