অসম

assam

গুৰু-শিষ্যৰ সংঘাত: গোলাঘাট কেন্দ্ৰীয় বিদ্যালয়ত অৰাজক পৰিস্থিতি

By

Published : Nov 25, 2019, 6:40 PM IST

কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীক দুৰ্ব্যৱহাৰৰ অভিযোগ ৷ অধ্যক্ষৰ বিৰুদ্ধে অশ্লীল শব্দ প্ৰয়োগেৰে গালি গালাজ কৰাৰ অভিযোগত বিদ্যালয় গেটৰ বাহিৰত একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী,অভিভাৱকৰ প্ৰতিবাদ ৷ অধ্যক্ষই কলে সমগ্ৰ ঘটনা তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৷

গুৰু-শিষ্যৰ সংঘাত: গোলাঘাট কেন্দ্ৰীয় বিদ্যালয়ত অৰাজক পৰিস্থিতি

গোলাঘাট, 25 নৱেম্বৰ: গোলাঘাট চহৰৰ আগশাৰীৰৰ শিক্ষানুষ্ঠান কেন্দ্ৰীয় বিদ্যালয়ত সংঘটিত হৈছে গুৰু আৰু শিষ্যৰ মাজত সংঘাত দৰে লজ্জাজনক ঘটনা ৷ সোমবাৰে কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগেৰে শ্ৰেণী বৰ্জন কৰিলে বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ৷ অভিযোগ অনুসৰি কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ ৰবি শংকৰ খাখলাৰীৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক অশ্লীল শব্দ প্ৰয়োগেৰে গালি গালাজ-মাৰপিট কৰাৰ অভিযোগৰে বিদ্যালয়খনত উত্তজনামূলক পৰিস্থিতিৰ সৃষ্টি কৰিলে একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু একাংশ অভিভাৱকে ৷ কেৱল ইমানেই নহয় খঙৰ প্ৰকোপত অধ্যক্ষ গৰাকীয়ে নৱম শ্ৰেণীৰ শ্ৰেণী কোঠাৰ দৰ্জা ভাঙি দিয়াৰো অভিযোগ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অধ্যক্ষজনৰ বিৰুদ্ধে উত্থাপিত হৈছে মদ্যপান কৰি বিদ্যালয়লৈ অহাৰ অভিযোগ ৷

কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীক দুব্যৱহাৰৰ অভিযোগ

ইফালে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ অভিযোগকক মিছা আখ্যা দিলে অধ্যক্ষ ৰবি শংকৰ খাখলাৰীয়ে ৷ সাংবাদিকৰ আগত তেওঁ জানিবলৈ দিয়ে যে ছাত্ৰ দুজনৰ মাজত লগা সংঘাত এৰুৱাই দিবলৈ যোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে ৷ তেওঁ লগতে কয়," বিগত 17 বছৰে মই এইখন বিদ্যালয়ত শিক্ষকতা কৰি আহিছো ৷ এইয়া মোৰ বিৰুদ্ধে উত্থাপিত এটা ষড়যন্ত্ৰ" ৷ উল্লেখযোগ্য যে,অধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ প্ৰতিবাদ কৰিবলৈ গৈ একাদশ শ্ৰেণীৰ একাংশ ছাত্ৰক আজি নিজ গুৰুৰ বিৰুদ্ধে উগ্ৰ মূৰ্তি ধাৰণ কৰা দেখা গ'ল, ই নিশ্চিতভাৱে এক লজ্জাজনক কাণ্ড ৷

আৰু পঢ়ক: পূৰ্বৰ পৰা খাপ পিতি থকা ঘাটকে হত্যা কৰিছিল ওম প্ৰকাশ আগৰৱালাক

ABOUT THE AUTHOR

...view details