সৰুপথাৰ, 31 মে':সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাট আৰক্ষী থানা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উৰিয়ামঘাট আৰক্ষী থানাৰ বিষয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সদস্য/সদস্যা সকলৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।
উল্লেখ্য যে, সমগ্ৰ দেশতে মোদী চৰকাৰৰ ৭ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বিজেপিৰ কৰ্মী সকলে সেৱাই সংগঠন নামৰ কাৰ্যসূচী পালন কৰা কৰিছিল । সমান্তৰালকৈ, উৰিয়ামঘাটতো পালন কৰা হৈছিল বিজেপি কৰ্মী সকলৰ উদ্যোগত এই কাৰ্যসূচী । উৰিয়ামঘাটত যুৱ মৰ্চাৰ নেতৃত্বত সকলো ৰাজহুৱা স্থানত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰাৰ উপৰিও ছেনিটাইজাৰ ব্যৱস্থা কৰা হৈছিল ।