অসম

assam

ETV Bharat / state

গৰাকীয়ে নজনাকৈয়ে বিক্ৰী হ'ল পৈতৃক সম্পত্তি

বোকাখাত চক্ৰ বিষয়াৰ কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় বৃহস্পতিবাৰে ৷ এগৰাকী অসুস্থ মহিলাক কৰ্তব্যৰত মণ্ডলে প্ৰহাৰ কৰা বুলি উঠা অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি ৷

tense situation in office of Bokakhat circle officers
এগৰাকী অসুস্থ মহিলাক প্ৰহাৰ কৰা অভিযোগ মণ্ডলৰ বিৰুদ্ধে

By

Published : Oct 7, 2021, 10:04 PM IST

বোকাখাত, 7 অক্টোবৰ : বোকাখাত চক্ৰ বিষয়াৰ কাৰ্যালয়ত বৃহস্পতিবাৰে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ এগৰাকী অসুস্থ মহিলাক কৰ্তব্যৰত মণ্ডলে প্ৰহাৰ কৰা বুলি উঠা অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি ৷

মিনু দাস নামৰ গৰাকী মহিলাই অভিযোগ কৰা মতে, তেখেতৰ পিতৃয়ে দি যোৱা ২ বিঘা মাটি নামজাৰি কৰাৰ চলেৰে মিছা প্ৰলোভন দি ছহী কৰাই মহিলাগৰাকীৰ অজ্ঞাতে মণ্ডলে বেলেগক বিক্ৰী কৰি দিয়ে ৷ চাৰিলেণ্ড যুক্ত পথ নিৰ্মাণৰ বাবে যেতিয়া মাটিখিনি অধিগ্ৰহণ হয় তেতিয়া ক্ষতিপূৰণ পোৱাৰ পৰা বঞ্চিত হয় মহিলা গৰাকী ৷

এগৰাকী অসুস্থ মহিলাক প্ৰহাৰ কৰা অভিযোগ মণ্ডলৰ বিৰুদ্ধে

যাৰ পৰিপেক্ষিতত বৃহস্পতিবাৰে মহিলা গৰাকীয়ে বোকাখাত চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে । মিনু দাসৰ মতে, পৈতৃক সম্পত্তিৰ ২ বিঘা মাটি তেখেতৰ ভাতৃ অনিল বৰাৰ নামত গোপনে নামজাৰি কৰি ফ'ৰ লেণ্ডৰ টকা মণ্ডল সহযোগত আত্মসাৎ কৰে ।

লগতে পঢ়ক:এদিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰাজকন্যা বৰুৱা; ডাঃ নভনীল বৰুৱাক চমন

উক্ত বিষয়টো অৱগত হোৱাৰ পাছত জিতেন পেগু নামৰ মণ্ডল গৰাকীয়ে ৪ লাখ টকাৰ প্ৰলোভন দি বিষয়টো আনক নজনাবৰ বাবে কোৱা বুলি অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীয়ে ৷ কিন্তু ইয়াৰ বিপৰীতে মিনু দাসে ভাতৃ অনিল বৰাক পৈতৃক ভূমি নামজাৰি কৰি হস্তান্তৰ কৰিছিল বুলি মণ্ডল পেগুৱে মন্তব্য প্ৰকাশ কৰিছে ৷

ইফালে, চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী সকলে চৰকাৰী ছিটা বহি আৰু জমাবন্দী নষ্ট কৰাৰ লগতে মণ্ডলক মাৰ-ধৰ কৰাৰ অভিযোগত মিনু দাসৰ বিৰুদ্ধে বোকাখাত থানাত এজাহাৰ দাখিল কৰিছে ৷ সমান্তৰালভাৱে মিনু দাসেও মণ্ডলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বোকাখাতৰ মহকুমাধিপতি নেহা যাদৱ কাৰ্যালয়ত উপস্থিত হৈ বিষয়টো বুজ লৈ বিভাগীয় তদন্তৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে ।

লগতে পঢ়ক:প্ৰেমত বিচ্ছেদ : হাতত দা লৈ প্ৰেমিকাক হত্যা অপচেষ্টা প্ৰেমিকৰ !

ABOUT THE AUTHOR

...view details