অসম

assam

ETV Bharat / state

হাউচি খেল বন্ধ কৰি দিয়াৰ বাবে দেৰগাঁৱত নিশা উত্তপ্ত পৰিস্থিতি - tense situation in dergaon

দেৰগাঁৱৰ বিভিন্ন স্থানত অবৈধভাৱে গঢ় লৈ উঠিছে জুৱা খেল ৷ মঙলবাৰে নিশা দেৰগাঁৱৰ সমীপৱৰ্তী বঙালগাঁও তিনিআলিত দেৰগাঁও আৰক্ষীয়ে অভিযান চলায় ৷ অভিযানৰ সময়তে বঙালগাঁও তিনিআলিত চলি থকা হাউচি খেল বন্ধ কৰি দিয়া আৰক্ষীয়ে ৷ যাৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

Tense situation in dergaon
হাউচি খেল বন্ধ কৰি দিয়াৰ বাবে দেৰগাঁৱত নিশা উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 1:38 PM IST

হাউচি খেল বন্ধ কৰি দিয়াৰ বাবে দেৰগাঁৱত নিশা উত্তপ্ত পৰিস্থিতি

গোলাঘাট, 22 নৱেম্বৰ :দেৰগাঁৱৰ বিভিন্ন স্থানত অবৈধভাৱে গঢ় লৈ উঠিছে জুৱা খেল ৷ আৰক্ষী প্ৰশাসনলৈও কেৰেপ নকৰা হৈছে একাংশ জুৱাৰীয়ে ৷ যাৰ বাবে দেৰগাঁৱৰ অলিয়ে-গলিয়ে হাউচিৰ দৰে জুৱা খেল অনুষ্ঠিত কৰি আহিছে একাংশ লোকে ৷ মঙলবাৰে নিশা দেৰগাঁৱৰ সমীপৱৰ্তী বঙালগাঁও তিনিআলিত দেৰগাঁও আৰক্ষীয়ে অভিযান চলায় ৷ অভিযানৰ সময়তে বঙালগাঁও তিনিআলিত চলি থকা হাউচি খেল বন্ধ কৰি দিয়া আৰক্ষীয়ে ৷ যাৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

জানিব পৰা মতে, দীপাৱালীৰ সময়ৰে পৰা প্ৰশাসনৰ অনুমতি অবিহনে বঙালগাঁও তিনিআলিত চলি আছিল হাউচি খেলৰ নামত বৃহৎ জুৱা ৷ আনহাতে নিশাৰ ভাগত অনুষ্ঠিত খেলত উচ্চ প্ৰাবল্যৰ শব্দ যন্ত্ৰ ব্যৱহাৰৰ ফলত অঞ্চলটোত পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে ৰাইজে ৷ যাৰ বাবে মঙলবাৰে নিশা আৰক্ষীয়ে হঠাৎ অভিযান চলাই চলি থকা হাউচি খেল বন্ধ কৰি দিয়ে ৷ তাকে লৈ হাউচি খেলুৱৈসকলে উত্তপ্ত পৰিস্থিতৰ সৃষ্টি কৰে ৷

ইফালে উক্ত স্থানত অনুষ্ঠিত হাউচি খেলত দূৰ-দূৰণিৰ পৰা আহি হাউচি খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ৷ সেয়ে নিশাৰ ভাগত প্ৰশাসনৰ অনুমতি অবিহনে চলি থকা হাউচি খেল আৰক্ষীয়ে বন্ধ কৰি দিয়াৰ পাচত খেলুৱৈসকলে টিকটৰ নামত দিয়া ধন বিচাৰি উত্তপ্ত কৰি তোলে ৷ এই ক্ষেত্ৰত হাউচি খেলুৱৈসকলে কয়, ‘‘প্ৰশাসনে অনুমতি দিয়াৰ কাৰণেহে হাউচি খেল অনুষ্ঠিত হৈছিল ৷ আমি গোলাঘাটৰ পৰা আহিছো ৷ ছটাকৈ টিকট কটা আছিল মোৰ ৷ খেল যদি নহয় তেতিয়া হ’লে টকাখিনি উভতাই লাগে ৷’’

আনহাতে আৰক্ষীৰ পদক্ষেপক আদৰণি জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:গোলাঘাটত ডেংগুৰ প্ৰদুৰ্ভাৱ, বৰ্তমানলৈকে জিলাখনত 92 গৰাকী লোক ডেংগুত আক্ৰান্ত

ABOUT THE AUTHOR

...view details