অসম

assam

ETV Bharat / state

Bokakhat Tense Situation : সৎকাৰ কৰিবলৈ লোৱাৰ সময়তে প্ৰশাসনে উঠাই নিলে মৃতদেহ - বোকাখাতৰ বিহৰা বাগিছা

এগৰাকী মহিলাৰ সলিল সমাধিৰ পাছতে বোকাখাতত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিৰ ৷ সৎকাৰৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে প্ৰশাসনে উঠাই নিলে মৃতদেহটো (Tense situation at Bokakhat)৷

Bokakhat Tense Situation
সৎকাৰ কৰিবলৈ লোৱাৰ সময়তে প্ৰশাসনে উঠাই নিলে মৃতদেহ

By

Published : Oct 22, 2022, 10:12 PM IST

বোকাখাত, 22 অক্টোবৰ : মৃতদেহ সৎকাৰ কৰিবলৈ লোৱাৰ সময়তে প্ৰশাসনে উঠাই আনিলে এটা মৃতদেহ । মৃতদেহটোক লৈ আৰক্ষী আৰু বাগিচা শ্ৰমিকৰ মাজত তৰ্কযুদ্ধ । বোকাখাতৰ বিহৰা বাগিছাৰ(Bihora tea estate Bokakhat) কছাৰি লাইনত সংঘটিত হয় এই কাণ্ড (Tense situation at Bokakhat)।

শনিবাৰে বোকাখাতৰ বিহৰা বাগিছাৰ কছাৰী লাইনৰ শ্ৰমিক দিনেশ তাঁতিৰ পত্নী লীলা তাঁতি নামৰ এগৰাকী মহিলা বাসগৃহৰ কাষত থকা পুখুৰীত দুভাগ্যৱশতঃ পিচলি পৰে । স্থানীয় ৰাইজে ততাতৈয়াকৈ মহিলাগৰাকীক স্থানীয় বাগিচাৰ চিকিৎসালয়লৈ নি চিকিৎসাৰ ব্যৱস্থা কৰাৰ পাছত বোকাখাতৰ ছহিদ কমলামিৰি অসামৰিক চিকিৎসালয়লৈ লৈ যায় (Kamala Miri Civil Hospital)।

চিকিৎসালয়ত চিকিৎসকে পৰীক্ষা কৰাৰ পাছত মহিলাগৰাকী মৃত ঘোষণা কৰি মৃতদেহটো ঘৰলৈ নিবলৈ পৰামৰ্শ দিয়ে (Woman died due to drowning at Bokakhat)। ইয়াৰ পাছতে পৰিয়ালৰ লোকে মৃত লীলা তাঁতিৰ মৃতদেহ বাগিচালৈ ঘূৰাই আনি সৎকাৰৰ ব্যৱস্থা কৰে । কিন্তু মৃতদেহ সৎকাৰ কৰিবলৈ লোৱাৰ সময়তে বোকাখাত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ লীলা তাঁতিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে সৎকাৰস্থলীৰ পৰাই উঠাই নিবলৈ চেষ্টা কৰে ।

সৎকাৰ কৰিবলৈ লোৱাৰ সময়তে প্ৰশাসনে উঠাই নিলে মৃতদেহ

ইয়াকে লৈ বাগিচাখনৰ শ্ৰমিক আৰু আৰক্ষীৰ মাজত বাক-যুদ্ধ আৰম্ভ হয় । পানীত পৰি লীলা তাঁতি নামৰ মহিলাগৰাকী মৃত্যু হোৱাৰ বাবে সেয়া এক দুৰ্ঘটনা হিচাবে বিবেচনা কৰি বোকাখাত আৰক্ষীয়ে এক গোচৰ ৰজু কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে এনে পৰিস্থিৰ উদ্ভৱ হয় । অৱশেষত মহকুমা দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :Arunachal Helicopter Tragedy : অৰুণাচলত বিগত ১২ বছৰত ৮ হেলিকপ্টাৰ, ২ মালবাহী বিমান দুৰ্ঘটনগ্ৰস্ত

ABOUT THE AUTHOR

...view details