বোকাখাত, 4 আগষ্ট :ৰক্ষকেই লৈছে ভক্ষকৰ ৰূপ ৷ ধূলাকাণ্ডৰ কথা ৰাইজে হয়তো পাহৰা নাই ৷ বনকৰা কিশোৰীক হত্যা কৰি জ্বলাই দিছিল এগৰাকী এছ এছ বিত কৰ্মৰত জোৱানে ৷ ঘটনা গাপ দিবলৈ মেনেজ কৰিছিল আৰক্ষীকো ৷ একেদৰে মনোৰোগ বিশেষজ্ঞা ডাঃ সংগীতা দত্তৰ শিশু নিৰ্যাতনৰ ঘটনাটোও সকলোৰে জ্ঞাত ৷ কেনেদৰে নিজৰ তুলি লোৱা সন্তানকেইটাৰ ওপৰত চলাইছিল শাৰীৰিক-মানসিক নিৰ্যাতন, যি ঘটনা তোলপাৰ লগাইছিল ৰাজ্য ৷ এইবাৰ পুনৰ তেনে এক ঘটনাই পোহৰলৈ আহিছে ৷
উত্থাপিত অভিযোগ মতে, এইবাৰ অসম আৰক্ষীৰ এজন বিষয়াৰ গৃহত নিৰ্যাতনৰ বলি হ’ল এগৰাকী নাবালিকা । ভুক্তভোগী নাবালিকাগৰাকীৰ আত্মীয়ই উল্লেখ অনুসৰি, দীৰ্ঘদিন ধৰি বোকাখাতৰ গেলেকীৰ 15 বছৰীয়া এই কিশোৰীগৰাকী আৰক্ষী বিষয়া জয়ন্ত বৰাৰ বাসগৃহত বনকৰা ছোৱালী হিচাবে কৰ্মৰত আছিল ৷ সৰু সৰু কথাতে নাবালিকাগৰাকীক আৰক্ষী বিষয়া জয়ন্ত বৰা, তেওঁৰ পত্নী আৰু পৰিয়ালৰ লোকে মাৰ-ধৰ কৰে ৷
অন্যদিনাৰ দৰে বুধবাৰে সামান্য কথাতে আৰক্ষী বিষয়াগৰাকীৰ পত্নীৰ লগতে পৰিয়ালৰ লোকে তামোল গছত বান্ধি অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আনকি অভিযোগ অনুসৰি, নাবালিকাগৰাকীক সম্পূৰ্ণ মুণ্ডন কৰি দিয়ে আৰক্ষী বিষয়া জয়ন্ত বৰাৰ পৰিয়ালৰ লোকে ৷