গোলাঘাট,16 জুন : ক'ৰণা ভাইৰাছৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যটো চলি আছে দীৰ্ঘদিনীয়া লক ডাউন । এই সময়চোৱাত চৰকাৰে বিভিন্ন ক্ষেত্ৰত শিথিলতা আনিছে যদিও সম্পূৰ্ণ ভাৱে স্তদ্ধ হৈ পৰিছে শিক্ষানুষ্ঠান সমূহ । যাৰ বাবে অনিশ্চিয়তাত পৰিছে শিক্ষাৰ্থী সকলৰ ভৱিষ্যৎ । শিক্ষাৰ্থীসকলৰ বাবে শিক্ষা বিভাগে অনলাইন শিক্ষা ব্যৱস্থা কৰিছে যদিও বহু শিক্ষাৰ্থীয়ে এনড্ৰ'ইড ম'বাইলৰ অভাৱৰ বাবে ল'ব পৰা নাই অনলাইন শিক্ষা সুবিধা । সেয়েহে গোলাঘাটৰ এখন বিদ্যালয়ৰ শিক্ষক সকলে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী পদক্ষেপ ।
দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰত্যক্ষ পাঠদানৰ ব্যৱস্থা এখন বিদ্যালয়ৰ - শিক্ষাৰ্থী সকলৰ ভৱিষ্যৎ
গোলাঘাট জিলাৰ পূৱ কাকডোঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ প্ৰশংসনীয় পদক্ষেপ ৷ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দিহা কৰিলে পাঠদানৰ ৷
![দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰত্যক্ষ পাঠদানৰ ব্যৱস্থা এখন বিদ্যালয়ৰ golaghat school](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7639378-369-7639378-1592323732142.jpg)
গোলাঘাট জিলাৰ পূৱ কাকডোঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সকলে অভিভাৱক সভা অনুষ্ঠিত কৰি অভিভাৱকৰ লগতে জিলা বিদ্যালয় পৰিদৰ্শকৰ অনুৰোধত বিদ্যালয় বন্ধ থকা সময়লৈকে দশম শ্ৰেণীৰ শিক্ষাৰ্থী সকলক শিক্ষাদানৰ সিদ্ধান্ত গ্ৰহণ কৰে । বিদ্যালয়খনৰ সহকাৰী শিক্ষকৰ চিদানন্দ শইকীয়াৰ ঘৰৰ গোসাঁই ঘৰত ধূপ,বন্তি,শৰাই অৰ্চনা কৰি বৰ্তমান পৰিস্থিতি শাম কাটিবৰ বাবে সমূহীয়া প্ৰাৰ্থনা কৰে ৷ ইয়াৰ লগতে মঙলবাৰৰ পৰাই সকলো দশম শ্ৰেণী ছাত্র-ছাত্ৰীক পাঠদানৰ ব্যৱস্থা কৰে । শিক্ষকসকলৰ এনে প্ৰচেষ্টাক শলাগ লৈছে বিভিন্ন জনে ।
লগতে পঢ়ক :ধেমাজিত জীয়াঢলৰ সংহাৰী ৰূপ