খুমটাই, 4 চেপ্তেম্বৰ:অহা 21 চেপ্তেম্বৰৰ পৰা বিদ্যালয় সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে ৷ বিদ্যালয়সমূহ খোলাৰ পূৰ্বে চৰকাৰে শিক্ষক সকলক COVID পৰীক্ষা কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ সেই উদ্দেশ্যৰে শুকুৰবাৰে খুমটাইৰ চিনাতলি উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰায় 400 শিক্ষক-শিক্ষয়িত্ৰীয়ে COVID পৰীক্ষা কৰায় ৷ জানিব পৰা মতে শিক্ষক কেইগৰাকীৰ মাজত বৰ্তমানলৈ 10 গৰাকী শিক্ষকৰ দেহত ধৰা পৰিছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ আক্ৰান্ত শিক্ষক কেইগৰাকীক জিলা খনৰ ভিন্ন প্ৰান্তৰ COVID চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
অসম চৰকাৰৰ নিৰ্দেশমৰ্মে খুমটাইত শিক্ষকসমাজৰ COVID পৰীক্ষা - covid test
শুকুৰবাৰে খুমটাইৰ চিনাতলি উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰায় 400 শিক্ষক-শিক্ষয়িত্ৰীয়ে COVID পৰীক্ষা কৰায় ৷ অসম চৰকাৰৰ নিৰ্দেশমৰ্মে বিদ্যালয়সমূহ খোলাৰ পূৰ্বে শিক্ষক সকলে কৰায় COVID পৰীক্ষা ৷
COVID পৰীক্ষা
কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱে সাধাৰণ লোকৰ মাজত এক অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰিছে ৷ তেনে পৰিপ্ৰেক্ষিতত চৰকাৰৰ এনে নিৰ্দেশক আদৰণি জনায় শিক্ষক-শিক্ষয়িত্ৰী সকলে ৷ উল্লেখ্য যে, বৰ্তমানলৈ অসমত মুঠ 118333 গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ ইয়াৰ বিপৰীতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 330 গৰাকী লোকলৈ ৷ বৰ্তমানেও ৰাজ্যত 27303 গৰাকী সক্ৰিয় ৰোগী আছে যদিও, ইতিমধ্যে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে 90697 গৰাকী লোকে ৷