নিউজ ডেস্ক, 5 চেপ্তেম্বৰ:আজি 5 চেপ্তেম্বৰ ৷ শিক্ষক দিৱস উপলক্ষে ভিন্ন প্ৰান্তত সম্বর্ধনা জনোৱা হৈছে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত আগভাগ লোৱা শিক্ষক সকলক ৷ কিন্তু আজিৰ এই পবিত্ৰ ক্ষণতো এমুঠি ভাতৰ বাবে একাংশ শিক্ষকে ওলাই যাবলগীয়া হৈছে দিন হাজিৰা, পাচলি আদি বিক্ৰী কৰিবলৈ ৷
হাতত কোৰ লৈ গোলাঘাটৰ এগৰাকী শিক্ষক ব্যস্ত এমুঠি ভাত যোগাৰৰ বাবে ৷ মানৱ সম্পদ গঢ়াৰ লক্ষ্যৰে ২৫ বছৰ আগতে গোলাঘাটৰ অতিকে পিছ পৰা অঞ্চল বুটলিখোৱা চাহ বাগিচাত এখন বিদ্যালয় স্থাপন কৰিছিল ৷ ১৯৯০ চনতে বিদ্যালয় খন স্থাপন কৰি তাত তেওঁ পিছপৰা অঞ্চলটোৰ শৈক্ষিক বাতাবৰণ সুস্থ কৰি তোলাত গুৰুত্ব প্ৰদান কৰিছিল ৷ তেতিয়াৰ পৰা আজিলৈ অব্যাহত আছে লোকগৰাকী সেই সংগ্ৰাম ৷ পিছে চৰকাৰৰহে সময় হোৱা নাই তেওঁৰ দৰে লোক এগৰাকীৰ ওপৰত সুদৃষ্টি দিবলৈ ৷ বিনা বেতনে শিক্ষকতা কৰি পৰিয়াল পোহপাল দিব নোৱাৰা শিক্ষক গৰাকীয়ে উপায়ন্তৰ হৈ বাছি লৈছে দিন হাজিৰাৰ পথ ৷ যাৰ বাবে শিক্ষক দিৱসৰ দিনটোতো হাজিৰা কামত ব্যস্ত থাকিবলগীয়া হয় তিনিগৰাকী কন্যা সন্তানৰ পিতৃ জয়ৰাম গঞ্জুৰে ৷
আনহাতে কৰ'ণাৰ প্ৰাদুৰ্ভাৱৰ লগে লগে সমগ্ৰ বিশ্বতে বহু লোকে হেৰুৱাবলগীয়া হৈছে কৰ্ম সংস্থাপন ৷ আৰ্থিক মন্দাৱস্থাই জুৰুলা কৰিছে বিশ্ববাসীক ৷ ব্যতিক্ৰম নহ'ল সংগীত, নৃত্য শিকাই পৰিয়াল পোহপাল দিয়া শিক্ষক সকলো ৷ কৰ'ণাৰ প্ৰাদুৰ্ভাৱে সংগীত শিক্ষা অনুষ্ঠানত শিক্ষকতা কৰি অহা এগৰাকী শিক্ষকক ঠিয় কৰালে ৰাজপথৰ কাষত ৷ জিতেন কাকতি নামৰ লোক গৰাকীয়ে গোলাঘাট দণ্ডধৰ গার্লচ হাইস্কুলৰ কেন্দ্ৰীয় সংগীত শিক্ষা অনুষ্ঠানৰ অধ্যক্ষ ৰূপে কাম কৰাৰ লগতে, ঘৰে ঘৰে টিউচন কৰি ভাড়াঘৰত পত্নী আৰু এটি সন্তানৰ সৈতে দিন অতিবাহিত কৰিছিল ৷ কিন্তু বৰ্তমান পৰিস্থিতিয়ে সকলোবোৰ থানবান কৰি গ'ল তেওঁৰ নিত্য-নৈমিত্তিক জীৱনত ৷