দেৰগাঁও, 23 নৱেম্বৰ: ‘এজন শিক্ষক একোডাল মমবাতিৰ নিচিনা ৷ যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে’ ৷ তেনে এক উদাহৰণ হৈছে দেৰগাঁৱৰ নাককাতি তিনিচুকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক গনেশ সেনাপতি ৷
বিনা বেতনে সুদীৰ্ঘ 32 টাকৈ বছৰ শিক্ষকতা কৰি অৱশেষত জীৱনৰ এটা বেলা সামৰণি পৰিল শিক্ষক গনেশ সেনাপতি (Retired teacher Ganesh Senapati )ৰ ৷ শিক্ষক গনেশ সেনাপতিয়ে শিক্ষকতাক জীৱনৰ ব্ৰত হিচাপে লৈ সকলো বাধা নেওচি কেৱল কৰি গৈছিল নিজৰ কাম ৷ অৱশেষত চাকৰি জীৱনৰ পৰা অব্যাহতি ল’লে শিক্ষক গনেশ সেনাপতিয়ে ৷
শিক্ষক গনেশ সেনাপতিৰ চকুত চকুলো যাৰ বাবে সোমবাৰে আনুষ্ঠানিক ভাৱে দেৰগাঁৱৰ নাচনীপাৰস্থিত তিনিচুকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক গনেশ সেনাপতিক আনুষ্ঠানিক ভাৱে বিদায় সম্ভাষণ জনোৱা হয় ৷
চাকৰি জীৱনৰ পৰা অব্যাহতি শিক্ষক গনেশ সেনাপতিৰ হাঁহিমুখীয়া শিক্ষক গনেশ সেনাপতিৰ চকুত আজি চকুপানী ৷ কিয়নো সোমবাৰে বিনা বেতনে সুদীৰ্ঘ 32 বছৰৰ মূৰত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে নাককাতি তিনিচুকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকগৰাকী(non provincialised teacher Ganesh Senapati )য়ে ৷ সোমবাৰে এই বিদায় সভাখনত বিদ্যালয়খনৰ বৰ্তমানৰ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ লগতে স্থানীয় শতাধিক ৰাইজ উপস্থিত থাকে ।
বিদ্যালয়খনৰ শিক্ষক প্ৰভাত পূজাৰীয়ে আঁত ধৰা এই অনুষ্ঠানটিত শিক্ষক কৰ্মচাৰী সকলে বিদায়ী প্ৰধান শিক্ষক গৰাকীক সম্বৰ্ধনা পত্ৰ, সঁফুৰা, ধৰ্মগ্ৰন্থ আৰু অংগবস্ত্ৰৰে সম্বৰ্ধনা জনায় ।
লগতে পঢ়ক:মাতাল শিক্ষকৰ বাবে অনিশ্চয়তাত শিক্ষাৰ্থীৰ ভৱিষ্যত !