সৰুপথাৰ, ২৯ মে': মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৫০ হাজাৰ টকাৰ অনুদান আগবঢ়াইছে এগৰাকী শিক্ষকে । ধনশিৰি মহকুমাৰ সৰুপথাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে নিজৰ পেঞ্চনৰ এটা অংশ আগবঢ়ালে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ।
বৰপথাৰ মৌজাৰ অন্তৰ্গত গেলাবিলৰ বাসিন্দা তথা গেলাবিল জি বি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ কুমাৰ শৰ্মাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ নিজৰ পেঞ্চনৰ এক অংশ অৰ্থাৎ ৫০ হাজাৰ টকাৰ অনুদান আগবঢ়াইছে । বৰপথাৰৰ পৌৰ সভাৰ কাৰ্যালয়ত স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ হাতত চেকযোগে প্ৰদান কৰে এই ধনৰাশি । উল্লেখ্য যে, দিলীপ কুমাৰ শৰ্মাই ইয়াৰ পূৰ্বেও বহু অনুষ্ঠান, প্ৰতিষ্ঠানলৈ বৰঙণি আগবঢ়াই আহিছে ।