অসম

assam

ETV Bharat / state

Protest in front of NRL : নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ

এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেলৰ মুখ্যদ্বাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লেটেকুজান চাহ বাগিছাৰ শ্ৰমিকসকলে । ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদকাৰীসকলে (Protesters block national highway at Numaligarh)। এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি এই প্ৰতিবাদ ।

Protest in front of NRL
নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Jul 16, 2022, 7:09 PM IST

নুমলীগড়, ১৬ জুলাই :প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰ (Protest at Numaligarh Refinery Limited)। এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেলৰ মুখ্যদ্বাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে । শোধনাগাৰ কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবে লোকজনৰ মৃত্যুৰ অভিযোগ লোকসকলৰ । শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেলৰ মুখ্যদ্বাৰৰ লগতে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে লেটেকুজান চাহ বাগিচাৰ শ্ৰমিকসকলে (Protesters block national highway at Numaligarh)।

নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ

উল্লেখ্য যে মাৰ্কেটিং টাৰ্মিনেলৰ সন্মুখৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত যধেমধে টেংকাৰসমূহ পাৰ্কিং কৰাৰ ফলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় । আনকি দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যুও হৈছে । শুকুৰবাৰে বিয়লি পুনৰ লেটেকুজান চাহ বাগিচাৰ চাদ্দাম হুছেইন নামৰ এজন যুৱক সেই স্থানত দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাত চাদ্দাম হুছেইনৰ মৃত্যু হয় ।

লোকজনৰ মৃত্যুৰ পাছতে উত্তেজিত হৈ পৰে বাগিচাৰ শ্ৰমিকসকল । শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে উত্তেজিত শ্ৰমিকসকলে । লেটেকুজান চাহ বাগিচাৰ শ্ৰমিকসকলৰ অভিযোগ- শোধনাগাৰ কৰ্তৃপক্ষৰ ভুলৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায়ে দুৰ্ঘটনাসমূহ সংঘটিত হৈ আহিছে ।

আনকি বাগিচাৰে কেইবাজনো লোক সেই স্থানত দুৰ্ঘটনাত পতিত হোৱাৰ অভিযোগ প্ৰতিবাদকাৰী শ্ৰমিকসকলৰ । বাগিচাৰ শ্ৰমিকসকলে বহুবাৰ এনআৰএল কৰ্তৃপক্ষক এই বিষয়ে অভিযোগ উত্থাপন কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ কথা উল্লেখ কৰিছে প্ৰতিবাদকাৰী শ্ৰমিকসকলে । ইফালে প্ৰতিবাদৰ ফলত বহু সময় ৰাজপথত বাহনসমূহ আৱদ্ধ হৈ পৰে ।

লগতে পঢ়ক :Assam tea industry in crisis: ডিপ্লিং চাহ বাগিচা লীজত দিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধীতা শ্ৰমিকৰ

ABOUT THE AUTHOR

...view details