বোকাখাত,২৭ আগষ্ট:বোকাখাতৰ মেঠনি চাহ বাগিছাত (Methoni tea estate) উত্তপ্ত পৰিস্থিতি । বন বিভাগ আৰু বাগিছা কৰ্তৃপক্ষৰ মাজত তীব্ৰ বিবাদ চলি থকাৰ মাজতে এক বিশেষ নিৰ্দেশনাই এতিয়া কঁপাই তুলিছে বাগিছা অঞ্চল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ বন বিভাগৰ মাটি এৰি দিব লাগিব মেঠনি বাগিছাখনে । অহা ৩১ আগষ্টত শেষ সময়সীমা দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) কৰ্তৃপক্ষই ।
উল্লেখ্য যে বাগিছাখনৰ ৯ নং শাখাৰ ৩৫ বিঘা মাটিকলৈ বন বিভাগ আৰু বাগিছা কৰ্তৃপক্ষৰ মাজত দীৰ্ঘদিন ধৰি মতানৈক্য চলি আহিছিল । বন বিভাগৰ অভিযোগ ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি দখল কৰিছে বাগিছাখনে । যাৰ বাবে বাগিছা কৰ্তৃপক্ষক মাটি খিনি এৰি দিয়াৰ শেষ সময়সীমা দিছে বন বিভাগে ।
বন বিভাগৰ জাননী লাভ কৰি সৰৱ হৈ পৰিছে চাহ শ্ৰমিক আৰু কৰ্মচাৰীসকল । তেওঁলোকৰ মতে ১৯১২ চনৰ পৰাই বিবাদমান ভূমিত চাহ পুলি ৰোপন কৰি ১৯২৪ চনৰ পৰা পাত সংগ্ৰহ কৰি আহিছে বাগিছা কৰ্তৃপক্ষই । ১৯৮৯ চনত বন বিভাগে পানবাৰী ফৰেষ্ট ৰিজাৰ্ভৰ ভূমি নিৰ্ধাৰণ কৰি বাগিছাৰ সীমাত ২ টা পকী পিলাৰ স্থাপন কৰিছিল ।