অসম

assam

শিল্পীসমাজৰ বিৰুদ্ধে ক্ষোভ চাহ শ্ৰমিকৰ

By

Published : Mar 25, 2019, 10:04 PM IST

চাহ শ্ৰমিক ৰাইজৰ বিপদৰ সময়ছোৱাত ওলাই নহাৰ বাবে শিল্পী সমাজ আৰু দল সংগঠনৰ বিৰুদ্ধে সৰৱ হৈ উঠে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অমিত নাগ আৰু চাহ শ্ৰমিক ৰাইজ

চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

গোলাঘাট, 25 মাৰ্চঃ গোলাঘাটত এইবাৰ শিল্পী সমাজ আৰু বিভিন্ন দল সংগঠনৰ বিৰুদ্ধে সৰৱ হৈ উঠে চাহ জনগোষ্ঠীয় লোক আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি ৷ গোলাঘাট আৰু যোৰহাট জিলাত প্ৰায় ডেৰ শতাধিক লোক বিষাক্ত চুলাই মদ সেৱন কৰি মৃত্যু হোৱাৰ পিছতো চাহ শ্ৰমিক ৰাইজৰ বিপদৰ সময়ছোৱাত ওলাই নহাৰ বাবে শিল্পী সমাজ আৰু দল সংগঠনৰ বিৰুদ্ধে সৰৱ হৈ উঠে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অমিত নাগ আৰু চাহ শ্ৰমিক ৰাইজ ।

চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

অসমৰ যিকোনো সমস্যাৰ সময়ত যিদৰে বিভিন্ন দল সংগঠনে দলে বলে ওলাই আহে ঠিক তেনেদৰে চাহ শ্ৰমিকৰ বেয়া দিনৰ সময়ছোৱাত কোনো দল সংগঠন বৰঞ্চ শিল্পী সমাজেও মাত নামাতে বুলি অভিযোগ উত্থাপন কৰে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অমিত নাগে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যিদৰে দল সংগঠন ওলাই আহিছিল ঠিক তেনেদৰে চাহ শ্ৰমিক ৰাইজৰ বিপদৰ সময়ছোৱাত কোনো শিল্পী সমাজ আৰু দল সংগঠন ওলাই নহাটো অতি দুৰ্ভাগ্যজনক আৰু এনেদৰে চাহ শ্ৰমিকক সময় আৰু সুযোগ বুজি ব্যৱহাৰ কৰাৰ বিৰোধিতা কৰে সংগঠনটোৱে ৷

চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

সোমবাৰে গোলাঘাটৰ বুটলিখোৱা ধোদৰ আলিৰ কাষত বহু চাহ শ্ৰমিক ৰাইজ একত্ৰিত হৈ মদৰ বিৰুদ্ধে এক সজাগতা সভা অনুষ্ঠিত কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অমিত নাগে বিভিন্ন দল সংগঠন আৰু শিল্পী সমাজৰ এই কাৰ্যৰ বিৰোধিতা কৰি চাহ শ্ৰমিকৰ পক্ষে শিল্পী সমাজক ঠিয় দিবলৈ আহ্বান জনায় । চাহ শ্ৰমিকৰ নাম লৈ সংগীত প্ৰস্তুত কৰি উপাৰ্জন কৰাৰ শিল্পীক পৰবৰ্তী সময়ত এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে নেতাগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details